অসমৰ জনতাক অসন্তুষ্ট কৰি কেন্দ্ৰই উগ্ৰবাদৰ জন্ম দিব খুজিছে : ডঃ নগেন শইকীয়া

অসমৰ জনতাক অসন্তুষ্ট কৰি কেন্দ্ৰই উগ্ৰবাদৰ জন্ম দিব খুজিছে : ডঃ নগেন শইকীয়া

ডঃ হীৰেন গোঁহাইৰ বিৰুদ্ধে অসম চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰাৰ বিৰোধিতা কৰিছে বিশিষ্ট বুদ্ধিজীৱী ডঃ নগেন শইকীয়াই৷ ডঃ শইকীয়াই কয়- চৰকাৰে জুই জ্বলাব খুজিছে৷ অসমৰ জনতাক অসন্তুষ্ট কৰি কেন্দ্ৰই উগ্ৰবাদৰ জন্ম দিব খুজিছে৷

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো চৰকাৰৰ উক্ত পদক্ষেপৰ তীব্ৰা বিৰোধিতা কৰিছে৷ ৰাজ্য চৰকাৰৰ এয়া ক্ষমতাৰ অপব্যৱহাৰ বুলি উল্লেখ কৰিছে ডঃ ভট্টাচাৰ্যই৷ ৰাজ্য চৰকাৰ জাতিদ্ৰোহিতাত লিপ্ত হৈছে বুলি মন্তব্য কৰে আছুৰ উপদেষ্টাজনে৷ অসমৰ জনতাই বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰে উপদেষ্টাজনে৷

Your Comments