বিশিষ্ট বুদ্ধিদীৱী ডঃ হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু সম্পৰ্কত জাঙুৰ খাই উঠিছে ৰাজ্যৰ সচেতন নাগৰিক, শিল্পী-সাহিত্যিক তথা দল-সংগঠনসমূহ৷ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গণতন্ত্ৰক ভূলুণ্ঠিত কৰিছে বিজেপি চৰকাৰে৷ কৃষক নেতা অখিল গগৈয়ে ডঃ গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হোৱাটো চৰকাৰৰ এটা ষড়যন্ত্ৰ আখ্যা দিছে৷ গগৈয়ে কয় যে ডঃ হীৰেন গোহাঁই অসমৰ এজন সবাতোকৈ দেশপ্ৰেমী, জাতিপ্ৰেমী ব্যক্তি৷ তেওঁক দেশদ্ৰোহী আখ্যা দিয়াসকলহে প্ৰকৃততে দেশদ্ৰোহী৷
ডঃ গোহাঁইৰ বিৰুদ্ধে চৰকাৰে সামান্যতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিলেও প্ৰতিৰোধৰ বাবে সকলো শ্ৰেণীৰ নাগৰিক ওলাই আহিব লাগিব৷ অখিল গগৈয়ে সাম্প্ৰতিক পৰিবেশক জৰুৰীকালীন পৰিবেশৰ সৈতে তুলনা কৰে৷ তেওঁ বিজেপি চৰকাৰৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গৈছে বুলিও উল্লেখ কৰে৷ ইফালে, নগাঁও জিলাৰ জনসাধাৰণৰ মাজতো বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ অভিযোগ অনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ নগাঁও চহৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা ছাত্ৰ সমাজে ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে৷ চৰকাৰৰ এনে পদক্ষেপক চূড়ান্ত একনায়কত্ববাদী আখ্যা দিছে প্ৰতিবাদী ছাত্ৰ সমাজে৷
- Log in to post comments
- 45 views