৬ সদস্যৰ সমৰ্থনেৰে পুনৰ মৰিগাঁও পৌৰপতিৰ আসনত অৰ্চনা বৰদলৈ

৬ সদস্যৰ সমৰ্থনৰে পুনৰ মৰিগাঁও পৌৰপতিৰ আসনত অৰ্চনা বৰদলৈ

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

ক্ষমতাকেন্দ্ৰিক আৰু  খোৱা-কামোৰা যুজঁৰ অন্ত পেলাই আজি পুনৰ মৰিগাঁও পৌৰপতিৰ আসনত বহিল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ঘনিষ্ঠ অৰ্চনা বৰদলৈ। উল্লেখ্য যে পৌৰসভা নিৰ্বাচনৰ পাছতে মহিলাৰ বাবে সংৰক্ষিত আসনখনত বহি অৰ্চনা বৰদলৈয়ে প্ৰায় দুই বছৰ পৌৰপতি হৈ থকাৰ পাছত গৰিষ্ঠসংখ্যক সদস্যই স্বেচ্ছাচাৰিতা, শূন্য উন্নয়নকে আদি কৰি একাধিক গুৰুত্বপূৰ্ণ  অভিযোগ উত্থাপন কৰি গাদীচ্যুত কৰি বিজেপিৰ ৫নং ৱাৰ্ড সদস্যা মধুস্মৃতা গোহাঁই ডেকাক পৌৰপতিৰূপে বাছনি কৰিছিল। পিছে দ্বিতীয়গৰাকী প্ৰাৰ্থী মধুস্মিতা গোহাঁই ডেকাইও পৌৰসভাখনক গতিশীল কৰিব নোৱাৰাৰ অভিযোগ আনি বিগত ১৫ ডিচেম্বৰত এঘাৰগৰাকী সদস্যবিশিষ্ট পৌৰসভাখনৰ আঠগৰাকী সদস্যই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি বৰ্খাস্ত কৰাৰ পাছতে আজি পুনৰ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ হস্তক্ষেপত দ্বিতীয়বাৰৰ বাবে গৰিষ্ঠসংখ্যক সদস্যই নিৰ্বাচিত কৰে পূৰ্বৰ পৌৰপতি অৰ্চনা বৰদলৈক। তাৎপৰ্যপূৰ্ণ যে মৰিগাঁও পৌৰসভাৰ উপ-পৌৰপতি ৰঞ্জিত কুমাৰ ডেকাই আহ্বান কৰা আজিৰ এই সভাখনত উপস্থিত নাথাকিল কংগ্ৰেছ আৰু বিজেপিৰ ২জনকৈ সদস্য।

উপস্থিত নথকা বিজেপিৰ সদস্য দুজন হৈছে মধুস্মিতা গোহাঁই ডেকা আৰু প্ৰমিলা ৰয় আৰু কংগ্ৰেছৰ সদস্য দুজন হৈছে জুলি নিৰ্মলীয়া আৰু ধনেশ্বৰ দাস। তদুপৰি, মৰিগাঁও পৌৰসভাত পদেন সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা ৰে'ল ৰাজ্যিক মন্ত্রী ৰাজেন গোহাঁইৰ অনুপস্থিতিত অতি ততাতৈয়াকৈ আজি এই সভাখন অনুষ্ঠিত কৰা ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে। উল্লেখ্য যে ১৫ ডিচেম্বৰত অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হোৱা প্ৰাক্তন পৌৰপতি মধুস্মিতা গোহাঁই ডেকাই যোৱা ৪ জানুৱাৰীত পদত্যাগ-পত্ৰ দাখিল কৰিছিল। পৌৰসভাৰ নীতি-নিৰ্দেশনা অনুসৰি উপ-পৌৰপতিয়ে ভাৰপ্ৰাপ্ত পৌৰপতিৰ দায়িত্ব বহন কৰি ৪৫ দিনৰ ভিতৰত সভা অনুষ্ঠিত কৰি নতুন পৌৰপতি নিৰ্বাচন কৰিব লাগে। আৰু সেই সভাত পদেন সদস্যজনৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ যদি আজি তাৰ প্ৰতিফলন নঘটিল। একমাত্ৰ ক্ষমতাৰ বলেৰে আজিৰ সভাখন অনুষ্ঠিত কৰি মৰিগাঁৱৰ বিধায়কৰ আশিসপুষ্ট অৰ্চনা বৰদলৈয়ে পুনৰ পৌৰপতিৰ আসনত বহা বুলি সৰৱ চৰ্চা চলিছে।

Your Comments