খিলঞ্জীয়াৰ পক্ষত থিয় হ'ল বিধানসভাৰ অধ্যক্ষ হিতেন গোস্বামী

খিলঞ্জীয়াৰ পক্ষত থিয় হ'ল বিধানসভাৰ অধ্যক্ষ হিতেন গোস্বামী

জাতিধ্বংসী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পিছত শাসকীয় বিজেপি দলৰ প্ৰথমগৰাকী বিধায়ক হিচাপে অসম বিধানসভাৰ অধ্যক্ষ হিতেন চন্দ্ৰ গোস্বামীয়ে বিধেয়কখন সম্পৰ্কত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া৷ তেওঁ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বি়জ্ঞপ্তিত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ উল্লেখ্য যে বিধানসভাৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আৰু নিৰপেক্ষ পদবীত অধিষ্ঠিত হৈ থকাৰ পিছতো হিতেন গোস্বামীৰ এই প্ৰতিক্ৰিয়াই বিশেষ তাৎপৰ্য বহন কৰিছে৷ প্ৰেছ বিজ্ঞপ্তিটোত তেওঁ উল্লেখ কৰা কথাখিনি হুবহু দাঙি ধৰা হ'ল :

ইংৰাজী নতুন বৰ্ষৰ প্ৰথম দিনাই সাংবাদিক বন্ধুসকলে মোক শুভেচ্ছা জনাবলৈ আহি, আগদিনা অৰ্থাৎ ৩১ ডিচেম্বৰত সংসদৰ যুটীয়া সংসদীয় সমিতিয়ে গ্ৰহণ কৰা প্ৰতিবেদনখনৰ সম্পৰ্কত মোৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত এইক্ষেত্ৰত মোৰ ক'বলগীয়াখিনি সময়ত প্ৰকাশ কৰাৰ ইংগিত দিছিলো৷ সেয়ে আজি অসমবাসীক মই বিনীতভাৱে এই প্ৰসঙ্গত মোৰ ক'বলগীয়াখিনি জনাব বিচাৰিছোঁ৷ 
অসম বিধানসভাই সৰ্বসন্মতিক্ৰমে অধ্যক্ষ পদত নিৰ্বাচিত কৰাৰ পাচত নীতিগতভাৱে সক্ৰিয় ৰাজনীতিৰ আৰু লগতে বিধায়ক হিচাপে মই প্ৰতিনিধিত্ব কৰা দলটোৰ দলীয় কাম-কাজৰ পৰা নিজকে নিলগত ৰাখি নিৰপেক্ষভাৱে বিধানসভাৰ অধ্যক্ষৰ সাংবিধানিক দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ যত্ন কৰিছোঁ৷

নাগৰিকত্ব আইন সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি যোৱা কিছুদিন ধৰি হৈ থকা ঘটনা প্ৰৱাহে ব্যক্তিগতভাৱে মোকো চুই গৈছে৷ তৎসত্ত্বেও এটা কথা স্পষ্টকৈ অনুভৱ কৰো যে এটা সাংবিধানিক পদত আসীন হৈ থকা সময়ত মোৰ ব্যক্তিগত ইচ্ছা-আকাংক্ষাৰ লগতে আমাৰ দেশৰ আনুষ্ঠানিক ব্যৱস্থাৰ ক্ষেত্ৰত অধ্যক্ষৰূপে মোৰ প্ৰতিকূল মন্তব্য প্ৰকাশ কৰাৰ অৱকাশ নাথাকে৷ তথাপি মই ভাবো যে অসমৰ ৰাইজক আশ্বস্ত নকৰাকৈ খৰখেদা পদক্ষেপেৰে নাগৰিকত্ব সংশোধনী আইনখন লোকসভাই গৃহীত কৰাৰ ফলত যি অস্থিৰতাৰ বৰ্তমানে সৃষ্টি হৈছে সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি অসমক ভালপোৱাসকলে প্ৰকাশ কৰা মতামতক শ্ৰদ্ধাসহকাৰে লৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ পৰিস্থিতি প্ৰশমিত কৰাৰ বাবে আৱশ্যকীয় ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰিব৷

এজন নাগৰিক হিচাপে নিৰপেক্ষ দৃষ্টিৰে মই জনাব বিচাৰো যে অসমবাসীৰ সংহতি আৰু সম্প্ৰীতি বিনষ্ট কৰিব পৰা আৰু খিলঞ্জীয়া অসমীয়াসকলে গ্ৰহণ কৰিব নিবিচাৰা কোনো কাৰ্যৰ সমৰ্থন মোৰ বিবেকে নকৰে৷

মই এতিয়াও আন্তৰিকতাৰে আশাকৰো যে বৰ্তমানে সৰ্বজনস্বীকৃত অসম চুক্তিৰ আধাৰত খিলঞ্জীয়াসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিলষ্ঠ সিদ্ধান্তৰে অতিশীঘ্ৰে স্পষ্ট বিধিগত ব্যৱস্থা গ্ৰহণ কৰি অসমবাসীৰ দীৰ্ঘদিনীয়া আশংকা আৰু সংশয় নিৰসন কৰাৰ ব্যৱস্থা লৈ অসমবাসীক আশ্বস্ত কৰিব আৰু এই ক্ষেত্ৰত এক পানী নসৰকা ব্যৱস্থা উদ্ভাৱনৰ বাবে অসমপ্ৰেমী প্ৰতিজনেও নিজৰ দায়িত্ব পালন কৰিব৷
 

Your Comments