অসম গণ পৰিষদে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰৰ পৰা ওলাই অহাতোৰ সমৰ্থন জনাইছে বিপিএফ নেত্ৰী তথা সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই৷ ব্ৰহ্মই সাংবাদিকক কয়- অগপই উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মিত্ৰতা ভংগ সময়ৰ আহ্বান আছিল৷ বিপিএফ নেত্ৰীগৰাকীয়ে উল্লেখ কৰে- ৰাইজৰ আৱেগ আৰু ক্ষোভক আমিও সন্মান জনাওঁ৷
তেওঁ কয় যে বিটিচিত নাগৰিকত্ব সংশোধনী বিধেয়কে প্ৰভাৱ নেপেলায়৷ যেতিয়াই বিটিচিত এই বিধেয়কে প্ৰভাৱ পেলাব বুলি ভাবিম, তেতিয়াই বিধেয়কখনৰ বিৰুদ্ধে মাত মাতিম৷ বিধেয়কখনৰ বিৰোধিতা সন্দৰ্ভত বিপিএফৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে ব্ৰহ্মই৷
- Log in to post comments
- 231 views