বঙাইগাঁৱত কেইবাটাও সংগঠনৰ টায়াৰ জ্বলাই প্ৰতিবাদ

বঙাইগাঁৱত কেইবাটাও সংগঠনৰ টায়াৰ জ্বলাই প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আজি বঙাইগাঁও চহৰৰ বৰপাৰাত অসম বন্ধৰ সময়ত আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, আক্ৰাছু আদি সংগঠনৰ নেতা-কৰ্মীয়ে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপি মুৰ্দাবাদ, বিজেপি গ'-বেক, নৰেন্দ্ৰ মোডী মিছলীয়া, সৰ্বানন্দ সোণোৱালৰ কাম নাই, জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, আৰ এছ এছ গ'-বেক, অসমত বিজেপি-আৰ এছ এছৰ দাদাগিৰি নচলিব, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিবই, ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ, অসমবৰোধী চক্ৰ হুঁচিয়াৰ, অসমবিৰোধী চক্ৰ মুৰ্দাবাদ আদি শ্লোগান দিয়ে৷

পিচত প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ পথৰ পৰা টায়াৰটো আঁতৰাই নিব বিচাৰে যদিও প্ৰতিবাদকাৰীসকলে বাধা দিয়ে যদিও আৰক্ষীয়ে বলপূৰ্বকভাৱে টায়াৰৰ জুই নিৰ্বাপিত কৰাৰ লগতে টায়াৰটো লৈ যায়৷ ইপিনে নাগৰিকত্ব সংশোধনী বিধেকখনৰ তীব্ৰ বিৰোধিতা কৰি আছুৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি পাৰ্থজিৎ ৰায়ে ক্ষোভ প্ৰকাশ কৰি কয় যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰি যি জাতিধ্বংসী পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে, তাক আমি আছু আৰু ৩০টাকৈ জাতীয় সংগঠনৰ লগতে অসমৰ খিলঞ্জীয়া ৰাইজে তীব্ৰ ধিক্কাৰ দিছো৷

বঙাইগাঁৱত কেইবাটাও সংগঠনৰ টায়াৰ জ্বলাই প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে যি জাতিধ্বংসী পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে সেয়া অসমীয়া জাতিৰ বাবে এক ক'লা দিন হিচাপে অভিহিত কৰিছো৷ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে যদি এই বিধেয়কখন গৃহীত কৰে, তেতিয়াহ'লে তেওঁলোকে অসমত নিস্তাৰ নাপাব৷ অসমৰ খিলঞ্জীয়া ৰাইজে যি কোনো পৰিস্থিতিত তথা তেজৰ বিনিময়ত হ'লেও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব৷ এনে অৱস্থাত উদ্ভ হ'ব পৰা ভয়াৱহ পৰিস্থিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ দায়ী হ'ব৷ আনহাতে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মনোৰঞ্জন ভাগৱতীয়ে ক্ষোভেৰে কয় যে নাগপুৰৰ ভৰি ধোৱা পানীক অমৃত হিচাপে গ্ৰহণ কৰা অসমৰ এই কুলাংগাৰকেইটাক স্পষ্ট ভাষাৰে কৈছোঁ যে নাগৰিকত্ব বিধেয়কখন গৃহীত কৰিবলৈ যিদৰে উঠি-পৰি লাগিছে, ঠিক সেইদৰে তেওঁলোকে কিয় অসমৰ বাকী সমস্যাসমূহ চকুৰে দেখা নাপায়?

বঙাইগাঁৱত কেইবাটাও সংগঠনৰ টায়াৰ জ্বলাই প্ৰতিবাদ

উগ্ৰপন্থীৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত এই ৰাজ্যখনৰ বাকী সমস্যাবোৰ সমাধান কৰিব এৰি তেওঁলোকে অপদাৰ্থৰ নিচিনাকৈ তথা কুলাংগাৰৰ নিচিনাকৈ বিতৰ্কিত এখন বিধেয়ক গৃহীত কৰি বাংলাদেশী নাগৰিকক যেনেকৈ ৰঙা দলিচা পাৰি আদৰিব ওলাইছে, তাতকৈ লাজৰ কথা এই কুলাংগাৰকেইটাৰ বাবে আন একো হ'ব নোৱাৰে৷ সেয়ে আমি সকলো দল-সংগঠন তথা ৰাইজ মিলি এই কুলাংগাৰকেইটাৰ মুখত থু দিব বিচাৰিছোঁ আৰু এনে অপদাৰ্থ যাতে অসমত আৰু কোনোদিনে জন্মগ্ৰহণ নকৰে তাৰবাবে ভগৱানৰ ওচৰত কামনা কৰিম৷ সেইদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক নন্দন দেৱনাথে কয় যে অসমৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদকো নেওচি কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে লোকসভাত গৃহীত কৰিলে আৰু এতিয়া ৰাজ্যসভাত গৃহীত কৰিলে আইনত পৰিণত হ'ব৷

বঙাইগাঁৱত কেইবাটাও সংগঠনৰ টায়াৰ জ্বলাই প্ৰতিবাদ

কিন্তু আমি নৰেন্দ্ৰ মোডীক পুনৰ দাবী আৰু আহ্বান জনাইছোঁ যে আপোনালোকে অসমীয়া জাতিৰ আবেগ-অনুভূতিক কুঠাৰঘাত কৰি যি সিদ্ধান্ত ল'বলৈ ওলাইছে তাক অনতি পলমে বাতিল কৰক৷ ইপিনে অগপই মিত্ৰজোঁট চৰকাৰৰ পৰা ওলাই অহা কাৰ্যক ধন্যবাদ জ্ঞাপন কৰি কয় যে কেৱল মিত্ৰতা ভংগ কৰা বুলি কলেই নহ'ব৷ বৰং তেওঁলোকে যি আনুষ্ঠানিক প্ৰক্ৰিয়া আছে সেয়া সম্পূৰ্ণ কৰক, পদত্যাগ-পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰক৷ লগতে অসমত যি বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ সৃষ্টি হৈছে তাৰ অসম গণ পৰিষদে নেতৃত্ব লওক৷ আমি তেওঁলোকৰ লগত আছোঁ৷ আনহাতে, আছুলৈ আমাৰ আহ্বান যে সৰ্বানন্দ সোণোৱালক যি জাতীয় নায়কৰ উপাধি দিছিল সেয়া ৰাজহুৱাভাৱে উভতাই ল'ব লাগে৷

ইপিনে প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই কয় যে অতি দুৰ্ভাগ্যজনক কথা এয়ে যে অসমৰ সৌৰ্য্য-বীৰ্য্যৰ প্ৰতীক অসমীয়া যুৱকক আজি নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰ আৰু সৰ্বানন্দ সোণাৱাল নেতৃত্বাধীন অসম চৰকাৰে দিল্লীত উলংগ হ'বলৈ বাধ্য কৰালে৷ জাতীয় নায়ক বুলি আখ্যা দিয়া এজন অপদাৰ্থ ব্যক্তিয়ে গোটেই জাতিটোক বিক্ৰী কৰিবলৈ ওলাইছে আৰু অসমক সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক তথা সকলো দিশতে বিপন্ন কৰাৰ এয়া ষড়যন্ত্ৰ৷ সেয়ে অসমৰ ৰাইজে বিজেপিক এটা উচিত শিক্ষা দিবলৈ সকলোকে আহ্বান জনায়৷ 

Your Comments