গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
আজি বন্ধৰ প্ৰভাৱত গোলাঘাটৰ জনজীৱন স্তব্ধ হৈ পৰাৰ লগতে পুৱাৰ ভাগত গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়ত বন্ধৰ সমৰ্থকে কাৰ্যালয় চৌহদত প্ৰৱেশ কৰি কাৰ্যালয়ৰ আচবাব, বেনাৰ, পোষ্টাৰ আদি জ্বলাই দিয়ে। ইয়াৰ প্ৰতিবাদত জিলা বিজেপি কৰ্মীসকলে এক সমদল বাহিৰ কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী তুলি গোলাঘাট আৰক্ষী থানা ঘেৰাও কৰে।
পিছত বিজেপিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৪জনকৈ বন্ধ সমৰ্থক ক্ৰমে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিদ্যুৎ শইকীয়া, অসীম শইকীয়া, ৰাজীৱ লস্কৰক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
- Log in to post comments
- 60 views