নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ বাতিলৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্য৷ তাৰ মাজতে এই বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বৰপেটা জিলাৰ কাটাঝাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি বেঁকী নৈত বিসৰ্জন দি প্ৰতিবাদ সাব্যস্ত কৰে৷
নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, ৰঞ্জিত দাস হুঁচিয়াৰ, কৃষক মুক্তি জিন্দাবাদ, নাগৰিকত্ব সংশোধনীয় বিধেয়ক বাতিল কৰিবই লাগিবই ইত্যাদি শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷
উল্লেখ্য যে জাতি-মাতি-ভেটি ৰক্ষাৰ শ্লোগান দি গাদী দখল কৰা চৰকাৰখনে ভোটবেংক তৈয়াৰ কৰাৰ স্বাৰ্থত হিন্দু বাংলাদেশীক সংস্থাপন দিব খোজা কাৰ্যত সচেতন লোকসকল জাঙুৰ খাই উঠিছে যদিও শাসনাধিস্থিত বিজেপি চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই৷
উক্ত প্ৰতিবাতস্থলীত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইন, বৰপেটা ৰোড আঞ্চলিক সমিতিৰ সভাপতি দীপক দাস, সাধাৰণ সম্পাদক মঞ্জিত ওজা, ৰহমত আলী, আব্দুল ছালাম আদি উপস্থিত থাকে৷
- Log in to post comments
- 10 views