গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
আজি পুৱাৰ ভাগত গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়ৰ চৌহদত বন্ধৰ সমৰ্থনকাৰীয়ে প্ৰৱেশ কৰি কাৰ্যালয়ৰ আচবাব ধ্বংস কৰি, অগ্নিসংযোগ কৰা দুষ্কাৰ্যৰ প্ৰতিবাদত জিলা বিজেপিৰ কৰ্মীয়ে এক বিক্ষোভ ৰেলী বাহিৰ কৰে।
প্ৰত্যক্ষদৰ্শীৰ সাক্ষীৰ ভিত্তিত দোষীক উপযুক্ত শাস্তিৰ দাবী তুলি প্ৰায় শতাধিক কৰ্মীয়ে বিভিন্ন শ্লোগানেৰে চহৰখনত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
ইয়াৰ পিছতে বিক্ষোভকাৰীসকলে গোলাঘাট আৰক্ষী থানাৰ দিশে ৰাওনা হৈ থানাৰ গে'ট থেলি সোমায় যায়৷ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিত দুষ্কৃতিকাৰীসকলে পদাঘাতৰ দৰে অপমান, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিচ্ছবি জ্বলাই দিয়া কাৰ্যৰ উচিত তদন্ত দাবী কৰাৰ লগতে কাৰ্যালয় চৌহদৰ তলা ভাঙি লণ্ডভণ্ড কৰা বন্ধৰ সমৰ্থনকাৰীসকলৰ প্ৰতিজনৰে কঠোৰ শাস্তিৰ দাবী তোলে।
- Log in to post comments
- 33 views