অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া জাতীয় নায়ক নহয়, তেওঁ এতিয়া অসমৰ এজন খলনায়কত পৰিণত হ'ল৷ এই মন্তব্য আছুৰ প্ৰাক্তন সভাপতি তথা বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ৰ৷ সোমবাৰে বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত আছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে বিজেপি চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিব আগবঢ়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰি কয় যে বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মোৰ একালৰ সতীৰ্থ আছিল৷ তেওঁ আছুৰ সভাপতি হৈ থাকোঁতে মই উপ-সভাপতি আছিলো, বিত্ত সম্পাদক আছিলো৷ তেতিয়া তেওঁ আমাক বিভিন্ন সভা-সমিতিত জাতীয়তাবাদৰ বিভিন্ন শিক্ষা দিছিল৷ কিন্তু আজি লজ্জ্বিত অনুভৱ কৰিছোঁ যে তেওঁ জাতীয়তাবাদৰ শিক্ষা দি নিজে এক ভণ্ড জাতীয়তাবাদী নেতা বুলি পৰিগণিত হ'ল৷
আমি আছুত থাকোঁতে সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক বুলি কৈছিলোঁ৷ তেতিয়া তেওঁ আমাক কৈছিলে যে জাতীয়তাবাদ কৰিব লাগে, অসম মাতৃৰ কাৰণে আন্দোলনত নামিব লাগে৷ কিন্তু সেইসকল নেতাৰ আজি স্বৰূপবিলাক দেখি স্তম্ভিত হৈ পৰিছোঁ৷ জাতীয় নায়কৰ চৰিত্ৰ দেখি লাজলগা হৈছে৷ যি শিক্ষাৰে তেওঁ আমাক শিক্ষা দিছিল তেওঁ নিজে বিচলিত হৈ বেলেগ ফালে গ'ল৷ সেয়ে আহ্বান জনাইছোঁ যে তেওঁ যাতে জাতীয় খলনায়কত পৰিগণিত নহয়৷ মোৰ তেওঁলৈ আহ্বান- "আপুনি অসমৰ জাতীয় জীৱনৰ খলনায়কত পৰিণত নহ'ব৷ এতিয়াও সময় আছে আপুনি নিজৰ স্থিতি স্পষ্ট কৰক৷ তাৰোপৰি মুখ্য মন্ত্ৰীগৰাকীয়ে যাতে কাৰো ৰঙা চকুক ভয় নকৰে তাৰবাবেও আছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে মুখ্য মন্ত্ৰী তথা একালৰ আছুৰ সভাপতি সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনায়৷ লগতে জাতিধ্বংসী বিধেয়কখন গৃহীত কৰিবলৈ বিচৰা কাৰ্যক ধিক্কাৰো দিয়ে৷
জাতি, মাটি, ভেটিৰ কথা কৈ তেওঁ মুখ্য মন্ত্ৰী হ'ল৷ এতিয়া যদি বিধেয়কখন সংসদত গৃহীত হয় তেতিয়াহ'লে জাতি-মাটি-ভেটি আৰু নাথাকে আৰু তেওঁ এই কথা বুজা উচিত বুলিও কয়৷ সময় থাকোঁতে তেওঁ অসমৰ জাতি-মাটি-ভেটিৰ হৈ মাত মাতক৷ অৱশ্যে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা হিমন্ত বিশ্ব শৰ্মাৰ জাতি-মাটি-ভেটিৰ সৈতে কোনো সম্পৰ্ক নাই৷ কাৰণ তেওঁক ক্ষমতা লাগে, গাদী লাগে৷ কিন্তু এতিয়া দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰি সৰ্বানন্দ সোণোৱালকো গাদীহে লাগে৷ অসমৰ জাতীয় জীৱনত ঠিক কৰাৰ কাৰণে এওঁলোকৰ কোনো চিন্তা নাই৷ সেয়ে তেওঁলোকৰ এনে কৰ্মক ধিক্কাৰ দিছোঁ৷"
লগতে সময় থাকোঁতে তেওঁলোকক মনবোৰ পৰিৱৰ্তন কৰিবলৈকো আহ্বান জনায়৷ তেওঁ ইমান অহংকাৰ ভাল নহয় বুলি উল্লেখ কৰি বিজেপিৰ এই অহংকাৰে এদিন পতন আনিব বুলি কয়৷ ইপিনে অগপৰ প্ৰতি পুতৌ জন্মে বুলি মন্তব্য কৰি জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে অগপইও অসমৰ জাতীয়তাবাদৰ কথা কয়৷ কিন্তু যিসময়ত জাতীয়তাবাদৰ অৱস্থা একেবাৰে বেয়া সেই সময়তো নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত একো এটা কৰিব পৰা নাই৷ অগপ দল এটা স্বত্বন্ত্ৰ দল৷ সৰ্বানন্দ সোণোৱাল নৰেন্দ্ৰ মোডীৰ কথাত চলে৷ অগপৰ অতুল বৰা, ফণীভূষণ চৌধুৰীয়েতো কাৰো কথা শুনিবলগীয়া নাই৷ তেওঁলোকে নিজেই সিদ্ধান্ত ল'ব পাৰে৷ তেওঁলোককো ভণ্ড জাতীয়তাবাদী নেতা বুলি অভিহিত কৰে৷ লগতে প্ৰতিবাদৰ নামত বঙাইগাঁৱত সোমবাৰে অগপই বেনাৰ আদি নোহোৱাকৈ প্ৰতিবাদী সমদল কৰা কাৰ্যক ভণ্ড জাতীয়তাবাদৰ স্বৰূপ উদঙাই দিয়া বুলি কয়৷
হিন্দু বাংলাদেশীক তোষামোদ কৰাৰ বাবে এই পন্থা অলম্বন কৰা বুলিও অভিযোগ কৰে৷ তেওঁ লগতে কয় যে বিদেশী বিদেশীয়ে৷ ইয়াত কোনো ধৰ্মৰ কথা নাহে৷ তেওঁ আছুত থাকোতেঁও এই স্থিতিত আছিল আৰু কংগ্ৰেছ দলত অহাৰ পিচতো নিজৰ স্থিতিত বাহাল থকা বুলিও কয়৷ সংবাদমেলত প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই বক্তব্য ৰাখে৷ যুৱ নেতাগৰাকীয়ে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰাসকলক নত শিৰে নমন কৰি "উলংগ হৈ আহিছোঁ আৰু উলংগ হৈয়ে যাম" বুলি থকা চিন্তাধাৰক পুনৰবাৰ সকলোৰে আগত প্ৰতিষ্ঠিত কৰিলে বুলিও কয়৷ সংবাদমেলত বীৰ কুমাৰ অধিকাৰী আদিও আছিল৷
- Log in to post comments
- 127 views