বঙাইগাঁৱত ক'লা পতাকা উত্তোলনক লৈ আৰক্ষীৰে খণ্ড যুদ্ধ

বঙাইগাঁৱত ক'লা পতাকা উত্তোলন যুৱ-ছাত্ৰ পৰিষদকে ধৰি কে'বাটাও সংগঠনৰ

বহু বিতৰ্কিত তথা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি বঙাইগাঁৱতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত কেবাটাও সংগঠনে ৰাজহুৱা স্থানত ক'লা পতাকা উৰুৱাই তথা হাতে হাতে ক'লা পতাকা লৈ ঘৃণা তথা ধিক্কাৰ দিৱস পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ আদি সংগঠনৰ নেতা- কৰ্মীয়ও উপস্থিত থাকে ৷

বঙাইগাঁৱত ক'লা পতাকা উত্তোলন যুৱ-ছাত্ৰ পৰিষদকে ধৰি কে'বাটাও সংগঠনৰ

উল্লেখ্য যে প্ৰতিবাদকাৰীসকলে বঙাইগাঁও চহৰৰ বৰপাৰা বাছ আস্থানত ক'লা পতাকা উৰুৱাৰ লগতে নৰেন্দ্ৰ মোডী হায় হায়, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, বাংলৈদেশী গ'বেক, বাংলাদেশী হুচিয়াৰ, বিজেপি মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব, সৰ্বানন্দ সোণোৱাল মিছলীয়া, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, জয় আই অসম আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ইপিনে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে প্ৰতিবাদস্থলীত কাৰ্যবাহী দণ্ডাধীশসহ আৰক্ষী উপস্থিত হয় আৰু ক'লা পতাকাসমূহ কাঢ়ি নিবলৈ ধৰাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত কিছু টনা- আঁজোৰা হয় ‍আৰু বাধা প্ৰদান কৰে ৷

আমাক আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিয়ক নহ'লে গুলীয়াই মাৰক বুলিও কয় প্ৰতিবাদকাৰীসকলে ৷ পিচত বলপূৰ্বকভাৱে আৰক্ষীয়ে ক'লা পতাকাসমূহ জব্দ কৰি নিয়াৰ লগতে জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোৰঞ্জন ভাগৱতী ,মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা নিত্যানন্দ অধিকাৰীসহ প্ৰতিবাদকাৰীসকলক আটক কৰি বাহন উঠাই  থানালৈ লৈ যায় যদিও পিচত মুকলি কৰি দিয়ে ৷ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি মনোৰঞ্জন ভাগৱতীয়ে ক্ষোভেৰে কয় যে আজিৰে পৰা এখন যুদ্ধ আৰম্ভ হৈছে আৰু এই যুদ্ধ হ'ল নাগপুৰীয়া আৰু অসমীয়াৰ মাজত ৷

বঙাইগাঁৱত ক'লা পতাকা উত্তোলন যুৱ-ছাত্ৰ পৰিষদকে ধৰি কে'বাটাও সংগঠনৰ

অসমৰ অপদাৰ্থ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেৱঁৰ গুৰু নৰেন্দ্ৰ মোডীক আজি সকিয়াই দিব বিচাৰিছো যে অসমীয়া যুৱকসকলৰ গাত শেষ বিন্দু তেজ থকালৈকে নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱালৰ কথা বাদেই দিয়ক স্বয়ং ভগৱান আহিলেও নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব নোৱাৰে ৷ ইয়াৰ কাৰণে যদি আমাৰ প্ৰাণ দিবলগীয়া হয় তেতিয়াহ'লে তাৰ কাৰণেও আমি প্ৰস্তুত আছো ৷ কিন্তু অসম মাতৃক কোনোবাই অসন্মান কৰাতো আমি কেতিয়াও সহ্য নকৰো ৷ এয়া আমাৰ স্পষ্ট কথা ৷ আনহাতে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱ নাথে কয় যে ১৯৭১ চনৰ পিচত অহা সকলো বিদেশীয়েই অসমৰ পৰা যাব লাগিব ৷

বঙাইগাঁৱত ক'লা পতাকা উত্তোলন যুৱ-ছাত্ৰ পৰিষদকে ধৰি কে'বাটাও সংগঠনৰ

এক মাত্ৰ হিন্দুসকলৰ ভোটৰ বাবে নৰেন্দ্ৰ মোডীয়ে আজি হিন্দু প্ৰীতি দেখুৱাই আছে আৰু যদিহে নৰেন্দ্ৰ মোডীহতে ক্ষমতা দেখুৱাই অসমত সংস্থাপিত কৰিব বিচাৰে, তেতিয়াহ'লে আমি বিজেপি তথা আৰ এছ এছক চিৰদিনৰ কাৰণে অসমৰ পৰা পুলিয়ে পোখাই উৎসাত কৰিবলৈ সাজু আছো ৷ সেইদৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা নিত্যানন্দ অধিকাৰীয়ে ক্ষোভেৰে কয় যে বিজেপি চৰকাৰে পুলিচ প্ৰশাসন লগাই আজি অসমীয়া মানুহক নিঃশেষ কৰিবলৈ চক্ৰান্ত কৰিছে ৷

প্ৰতিবাদ কৰিবলৈকো বাধা প্ৰদান কৰিছে ৷ যদি অসমীয়া মানুহে অসমত প্ৰতিবাদ নকৰো তেতিয়াহলে ইয়াত কোনে আহি আমাৰ হৈ প্ৰতিবাদ কৰিব ? গতিকে সকলো অসমবাসীক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈকো আহ্বান নেতাগৰাকীয়ে আহ্বান জনায় ৷

Your Comments