বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ আছুৰ

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ আছুৰ

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে বঙাইগাঁৱতো আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুৰ বঙাইগাঁও আঞ্চলিক সমিতিয়ে সংগঠনটোৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ মূল পথত নাগৰিকত্ব সংশোধনী বিধেয়কখৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে মোডী চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিবই, অসমীয়া আজি জাগিছে, অসম চৰকাৰৰ কাম নাই আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত আঞ্চিলক সমিতিৰ সভাপতি কুলজিৎ ৰায়, সাধাৰণ সম্পাদক জগদ্বীশ ৰায়কে ধৰি আছু কৰ্মীসকল উপস্থিত থাকে ৷

 জিলা আছু আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদেও দাহ কৰিলে বিধেয়কৰ প্ৰতিলিপি

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ আছুৰ

বঙাইগাঁও জিলা আছু আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও আঞ্চলিক সমিতিয়েও আজি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠন দুটাই বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱত এই প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিভিন্ন শ্লোগানো দিয়ে ৷ কাৰ্যসূচীত জিলা আছুৰ সাধাৰণ সম্পাদক মথুৰা বৰ্মন, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও আঞ্চলিকৰ সভাপতি জাকিৰ আলী আদি উপস্থিত থাকে ৷

Your Comments