গোলাঘাটত এ আই এছ এফে দহন কৰিলে মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি-বিধেয়কৰ প্ৰতিলিপি

গোলাঘাটত১এ১আই১এছ১এফে১দহন১কৰিলে১মুখ্য১মন্ত্ৰীৰ১প্ৰতিকৃতি-বিধেয়কৰ১প্ৰতিলিপি

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

সমগ্ৰ গোলাঘাট চহৰ আজি প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তে গোলাঘাটৰ মাজমজিয়াত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনেও নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰি ক'লা পতাকা প্ৰদৰ্শন কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীয়ে সংশোধিত নাগৰিকত্ব বিধেয়কৰ প্ৰতিলিপি দাহ কৰাৰ লগতে মুখ্য মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালৰ প্ৰতিকৃতিও দাহ কৰে। প্ৰতিবাদৰ সময়ছোৱাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় যদিও পৰিস্থিতি অধিক বেয়ালৈ নোযোৱাকৈয়ে শাম কাটে।

গোলাঘাটত১এ১আই১এছ১এফে১দহন১কৰিলে১মুখ্য১মন্ত্ৰীৰ১প্ৰতিকৃতি-বিধেয়কৰ১প্ৰতিলিপি

ইফালে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ এ আই এছ এফৰ ৰাজ্যিক সভাপতি মানস বৰাই বিজেপি চৰকাৰৰ আঙুলিৰ মূৰত নচা জেপিচিয়ে কেৱল অসমত শুনানী গ্ৰহণৰ নামত ভেকোঁ-ভাওনা কৰা বুলি মন্তব্য কৰে। সংগঠনটোৱে মুখ্য মন্ত্ৰীক জাতীয় খলনায়কৰ আখ্যা দিয়াৰ লগতে সংগঠনটোৰ জিলা সম্পাদক যদু বৰা, সভাপতি ধনীৰাম পাটৰ, ৰাজ্যিক উপ-সভাপতি বিতোপন গগৈৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যসূচীত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ তীব্ৰ বিৰোধিতা কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰবিৰোধী শ্লোগানেৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

Your Comments