গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে আজি গোলাঘাটত ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনে উগ্ৰ মূৰ্তি ধাৰণ কৰে। ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনে পুৱা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত গোলাঘাট আৰক্ষীয়ে ২০জন প্ৰতিবাদকাৰীক আটক কৰে।
ইফালে চহৰখনৰ মাজমজিয়াত অসম জাতীয়তাবাদী যুৱ-পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি বিজেপিবিৰোধী শ্লোগানেৰে উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে। একে সময়তে গোলাঘাট জিলা ছাত্ৰ সন্থাই চহৰখনৰ মাজেৰে বিধেয়কখনৰ বিৰোধিতাৰে সমদল বাহিৰ কৰে।
- Log in to post comments
- 13 views