অসমীয়া ভাষাৰ মৰ্যাদা ৰক্ষাৰ্থে ১৯৭২ৰ মাধ্যম আন্দোলনত প্ৰাণ উছৰ্গা কৰা দৰং জিলাৰ খাৰুপেটীয়াৰ সমীপৱৰ্তী জংগলপাৰাৰ সু-সন্তান ছহিদ ওমৰ আলীৰ স্মৃতিত চৰ-চাপৰি সাহিত্য পৰিষদে আগবঢ়োৱা 'ওমৰ আলী সোঁৱৰণি ভাষা সন্মান' এইবছৰ পৰিষদে সুলেখিকা তথা গোৱালপৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক কাছেমা খাতুনলৈ আগবঢ়াইছে।
এই উপলক্ষে চৰ-চাপৰি সাহিত্য পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সৌজন্যত আৰু ধুবুৰী বুক ক্লাবৰ সহযোগিতাত অহা ১৬ জানুৱাৰীৰ পুৱা ১১ বজাত এই সন্মান প্ৰদান অনুষ্ঠান ধুবুৰীস্থিত অসমীয়া সাহিত্য সভা ভৱনত অনুষ্ঠিত হ'ব। উল্লেখনীয় যে এই অনুষ্ঠানতে ভাষাভিত্তিক ৰাজ্য পুনৰ গঠন আয়োগৰ সমুখত ১৯৫৫ চনৰ ১৯ মে'ত ধুবুৰীৰ লোকেল বোৰ্ডৰ কাৰ্যালয়ত 'ইমিগ্রেচন মুছলিম এছ'চিয়েচন'ৰ হকে স্মাৰক-পত্ৰ প্ৰদান কৰি গোৱালপাৰা জিলাক পশ্চিমবংগৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা কৰি অসমীয়া ভাষাৰ মৰ্যাদা তথা অসমৰ অখণ্ডতা ৰক্ষা কৰা অধিবক্তা আব্দুল কৰিম আৰু আবুল হোছেইন পণ্ডিতক মৰণোত্তৰভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।
তদুপৰি, ১৯৭২ চনৰ মাধ্যম আন্দোলনত কাৰাবাস খাটি ভাষা জননীৰ সেৱা কৰা প্ৰাক্তন অধ্যক্ষ জাহান উদ্দিন আহমেদকো এই অনুষ্ঠানতে পৰিষদে সম্বৰ্ধনা জনাব৷ অনুষ্ঠানত পৰিষদৰ ৰাজ্যিক সভাপতি ডঃ হাফিজ আহমেদ, অসমীয়া সাহিত্য সন্মিলনীৰ কাৰ্যকৰী সভাপতি অধ্যাপক ডঃ দিলীপ বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সুলেখক পাচু গোপাল চক্ৰৱৰ্তী, পৰিষদৰ উপদেষ্টা, লেখক দ্বিজেন বৰ্মন, শিক্ষাবিদ গিৰীন্দ্ৰ নাথ গোস্বামী, পৰিষদৰ প্ৰধান সম্পাদক হালিম খান চৌধুৰী, উপ-সভাপতি হজৰত আলী আহমেদকে আদি কৰি কে'বাগৰাকী বিশিষ্ট ব্যক্তি সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব। সেয়ে উক্ত অনুষ্ঠানটি সাফল্য মণ্ডিত কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে চৰ-চাপৰি সাহিত্য পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সভাপতি আয়ুব উদ্দিন আহমেদ আৰু সম্পাদক আনোৱাৰ হোছেইনে।
- Log in to post comments
- 28 views