মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনক লৈ উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰি ৰখাৰ মাজতে আজি অধিবেশনস্থলীত হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে। মূলতঃ অধিবেশনস্থলীত নামঘৰ স্থাপন কৰি প্ৰতিষ্ঠা কৰে গুৰু আসন। এক আধ্যাত্মিক আৰু ধৰ্মীয় ৰিতি-নীতিৰে হৰিনাম ধ্বনিৰে গুৰু আসন প্ৰতিষ্ঠা কৰে শৰণ আচাৰ্য পূৰণ ডেকাই।
এই হৰিধ্বনিৰ মাজতে মৰিগাঁও জিলাৰ লাহৰীঘাট, মৈৰাবাৰী, গৰৈমাৰি, নগাবন্ধা আদি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা তিনি শতাধিক ইছলামধৰ্মী লোক আহি অধিবেশনস্থলীত নৰা কটা কামত নিয়োজিত হৈ এক সমন্বয়ৰ নিদৰ্শন দাঙি ধৰে। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে ৮৮সংখ্যক শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ অধিৱেশনত সকলো লোকেই একাত্ম হৈ পৰা ঘটনাই অধিবেশনখনিত অন্য এক মাত্ৰা বহন কৰিছে।
ইফালে অধিবেশনৰ প্ৰস্তুতি দ্ৰুতগতিত চলি থকাৰ মাজতেই অধিবেশনস্থলীত উপস্থিত হয় বিদায়ী পদাধিকাৰ কৰুণাকান্ত ডেকা আৰু প্ৰধান সম্পাদক প্ৰফুল্ল বৰা। দুয়োজন শীৰ্ষ নেতাই অধিবেশনৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়৷ বিদায়ী পদাধিকাৰ কৰুণাকান্ত ডেকাই মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া ৮৮সংখ্যক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনখনি সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হ'ব বুলি আশা প্ৰকাশ কৰে। বিশেষকৈ ভ্ৰাতৃত্ব বান্ধোন প্ৰক্ৰিয়া এই অধিবেশনখনিত অধিক দৃঢ়ভাৱে পৰিস্ফুত হ'ব বুলিও মন্তব্য কৰে।
- Log in to post comments
- 19 views