নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
সমৰকলা ক্ষেত্ৰখনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত দুবছৰ ধৰি দপ্দপাই থকা নগাঁৱৰ নাইটছ সমৰকলা কেন্দ্ৰই নিজৰ সাফল্যৰ ধাৰাবাহিকতা অক্ষুণ্ন ৰাখি পুনৰ সন্মান কঢ়িয়াবলৈ সক্ষম হৈছে। যোৱা ২৬ ডিচেম্বৰৰ পৰা মধ্যপ্ৰদেশৰ ইন্দোৰত চলি থকা ৬৪সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ ভভিনাম সমৰকলাত অসম দলক প্ৰতিনিধিত্ব কৰি নগাঁৱৰ নাইটছ সমৰকলা কেন্দ্ৰৰ চাৰিজনকৈ প্ৰতিভাৱান সমৰকলাবিদে পদক লাভ কৰিবলৈ সক্ষম হয়।
এইসকলৰ ভিতৰত ছোৱালীৰ ৬৫ কেজি শাখাত অনুষ্কা পৰাশৰে সোণৰ পদক, ৫২ কেজি শাখাত মল্লিকা দাসে ব্ৰঞ্জৰ পদক আৰু ৪৪ কেজি শাখাত স্নেহা বৰকাকতিয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। একেদৰে ল'ৰাৰ ৪০ কেজি শাখাত হিমাংকৰ সাহাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
এইসকল খেলুৱৈয়ে নগাঁৱৰ নাইটছ সমৰকলা কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক মিণ্টু গোস্বামী আৰু সহযোগী প্ৰশিক্ষক মৃণাল কুমাৰ মহন্তৰ তত্ত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। উল্লেখ্য যে ৰাষ্ট্ৰীয় স্কুল গেমছত অংশগ্ৰহণৰ বাবে যোৱা অসমৰ ১৫জনীয়া দলটোৰ অন্য তিনিজন সমৰকলাবিদেও পদক পাবলৈ সক্ষম হয়।
সমৰকলাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাৰিজনকৈ নগঞা সন্তানে কঢ়িয়াই অনা সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী। খেলুৱৈ কেইগৰাকীসহিতে প্ৰশিক্ষকদ্বয় ক্ৰমে মিণ্টু গোস্বামী আৰু মৃণাল কুমাৰ মহন্তলৈ অভিনন্দন জ্ঞাপন কৰিছে নগাঁৱৰ ৰাইজে।
- Log in to post comments
- 18 views