সংক্ষিপ্ত সংবাদ
* ৰাজ্যৰ সৰ্বত্ৰে ইংৰাজীৰ নতুন বছৰৰ প্ৰথম দিন উদ্যাপন৷ মন্দিৰ, ধৰ্মীয় স্থানত নতুন বছৰৰ কুশল কামনাৰে দৰ্শনাৰ্থীৰ ভীৰ৷ গুৱাহাটীৰ গণেশগুৰিৰ গণেশ মন্দিৰ, শুক্ৰেশ্বৰ দেৱালয়, কামাখ্যা দেৱালয়, উত্তৰ গুৱাহাটীৰ দৌল গোৱিন্দ মন্দিৰ, দীৰ্ঘেশ্বৰী দেৱালয় আদিত ভক্তৰ সমাগম৷ গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা বছৰৰ প্ৰথম দিনটোত কেইবাসহস্ৰ লোকৰ উপস্থিতি৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীত পহিলা জানুৱাৰীত বনভোজ দলৰ ৰং-ৰহইচ৷
* ইংৰাজী নতুন বছৰৰ পুৱা ত্ৰিবেনী সংগমত হাজাৰ-হাজাৰ ভক্তৰ সমাগম৷ স্নান কৰি বছৰটো শুভ হোৱাৰ প্ৰাৰ্থনা৷
* ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটীৰ বাট-পথ, বাৰ-ৰেস্তোঁৰাত আৰক্ষীৰ অভিযান৷ পথত সুৰাপায়ী বাইক, বাহন চালকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী৷ নিৰ্দিষ্ট সময় অনুসৰি বন্ধ নকৰা বাৰৰ পৰা আৰক্ষীয়ে বাহিৰ কৰিলে গ্ৰহকক৷ নৱ-নিযুক্ত আৰক্ষী আয়ুক্ত দীপক কুমাৰে নেতৃত্ব গ্ৰহণ কৰিলে আৰক্ষীৰ অভিযানৰ৷
* নৱবৰ্ষৰ প্ৰথম দিনটোত দেশবাসীলৈ সুখবৰ৷ ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰৰ মূল্য ৫.৯১ টকা হ্ৰাস৷ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১২০টকা হ্ৰাস৷
* আজি শুভাৰম্ভ হ'ল শিলঘাট-কলকাতা ৰে'ল সেৱা৷ প্ৰতি সপ্তাহৰ মঙলবাৰে চলিব ৰে'ল৷
* জালুকবাৰীত চলন্ত ৰে'লৰ পৰা পৰি যাত্ৰীৰ মৃত্যু৷ আলিপুৰদুৱাৰ-লামডিং ইনটাৰচিটিৰ পৰা নামোতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৃত্যু৷
* গুৱাহাটী ৰে'ল ষ্টেচনত গাঞ্জা জব্দ৷ বিহাৰৰ দুটা গাঞ্জা সৰবৰাহকাৰীক আটক কৰিলে ৰে'ল আৰক্ষীয়ে৷ ২০ কিঃগ্ৰাঃ গাঞ্জা জব্দ৷
* জাগীৰোডৰ দেওশালত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু৷ অচিনাক্ত বাহনৰ খুণ্ডাত মৃত্যুক সাৱটিলে বাইক আৰোহী বোকাখাটৰ যুৱকে৷
* আজিৰে পৰা আৰম্ভ চানডুবি উৎসৱ৷ চানডুবিৰ পাৰত প্ৰকৃতিপ্ৰেমীৰ সমাগম৷
* দৰং জিলাৰ খাৰুপেটীয়াত পুখুৰীত উদ্ধাৰ ৰিক্সাচালকৰ মৃতদেহ উদ্ধাৰ৷
* বলিউডৰ প্ৰসিদ্ধ অভিনেতা, চিত্ৰনাট্যকাৰ, সংলাপ লেখক কাদেৰ খানৰ মৃত্যু৷ কানাডাৰ টৰণ্টোৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত আজি মৃত্যু হয় ৮১ বছৰীয়া যশস্বী অভিনেতাজনৰ৷ ৩০০ৰো অধিক ছবিত কৰিছিল অভিনয়৷
* ৰহা ৰে'ল ষ্টেচনত শিশু উদ্ধাৰ৷ নামনিমুৱা ৰে'লৰ পৰা ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে ৬ বছৰীয়া শিশুটোক৷
* চিলাপথাৰৰ টিয়ানগাঁৱত বনৰীয়া হাতীৰ সন্ত্ৰাস৷ গঞাৰ বাসগৃহৰ ক্ষতিসাধন৷
* দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীত ভয়াৱহ অগ্নিকাণ্ড৷ কেইবাটাও বাসগৃহ, বৃহৎ পৰিমাণৰ মৰাপাট ভস্মীভূত৷
- Log in to post comments
- 22 views