সংক্ষিপ্ত সংবাদ

ো

সংক্ষিপ্ত সংবাদ
* নিশা খানাপাৰাত কয়লাভৰ্তি ট্ৰাক পৰিল জাইল'ৰ ওপৰত৷ পিতৃ-কন্যাৰ মৃত্যু৷ গুৰুতৰভাৱে আহত তিনি ব্যক্তি৷ দুৰ্ঘটনাৰ পিছত তীব্ৰ যানজঁট৷
* নিশা বগীবিল দলঙত তীব্ৰ যানজঁট৷ সাত ঘণ্টা ধৰি আৱব্ধ এম্বুলেন্সকে ধৰি বহুসংখ্যক বাহন৷ যান-বাহন নিয়ন্ত্ৰণত প্ৰশাসনৰ ব্যৰ্থতা৷
* হাজোৰ পানীপাৰাত তীব্ৰবেগী ট্ৰেভেলাৰে মহতীয়াই নিলে বাইক আৰোহীক৷ থিতাতে এজনৰ মৃত্যু৷ গুৰুতৰভাৱে আহত এজন৷ ট্ৰেভেলাৰত আক্ৰমণ ক্ষুদ্ধ ৰাইজৰ৷
* ৬ জানুৱাৰীত আধাৰশিলা স্থাপন হ'ব কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ৷
* ৰাজ্যজুৰি জনসাধাৰণৰ নতুন বছৰ আদৰাৰ প্ৰস্তুতি৷ বজাৰত মাছ-মাংসৰ হঠাতে মূল্যবৃদ্ধি৷
* বলিউডৰ প্ৰখ্যাত অভিনেতা কাদেৰ খানৰ মৃত্যু হোৱা বুলি উৰাবাতৰি৷ ছ'চিয়েল মিডিয়াত অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ ভাইৰেল৷ পিতৃ জীয়াই আছে বুলি স্পষ্টীকৰণ দিলে পুত্ৰ ছৰফৰাজে৷ সম্প্ৰতি কাদেৰ খান শ্বাস-প্ৰশ্বাসজনিত অসুস্থতাত চিকিৎসালয়ত চিকিৎসাধীন৷
* চতুৰ্থবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদত অধিস্থিত হ'ব শ্বেখ হাছিনা৷ ৩০০ আসনৰ ভিতৰত আৱামী লীগে ২৬৬ আসন লাভ কৰাৰ সম্ভাৱনা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফোন কৰি শ্বেখ হাছিনাক জনালে অভিনন্দন৷
* নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা অব্যাহত৷ ৩০ ডিচেম্বৰত নিয়ন্ত্ৰণ ৰেখাৰে অনুপ্ৰেৱশ কৰিবলৈ বিচৰা দুই সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিলে ভাৰতীয় সেনাই৷
* পিতৃ হ'ল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন 'হিটমেন' ৰোহিত শৰ্মা৷ পত্নী ৰীতিকা সহদেৱে জন্ম দিলে এটি কন্যা শিশু৷
* বছৰটোৰ অন্তিম দিনত শ্বেয়াৰ বজাৰৰ সুন্দৰ আৰম্ভণী৷ পুৱা ২০০ বৃদ্ধি পালে ছেন্‌ছেক্স৷ 
* বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক মছৰফে বিন্ মোৰ্টাজাই জয়লাভ কৰিলে দেশখনৰ সাধাৰণৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি৷ আৱামী লীগৰ প্ৰাৰ্থী হিচাপে নৰেল-২ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দী প্ৰাৰ্থী জতীয়া অক্যাক বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ মোৰ্টাজাই লাভ কৰে ২,৭৪,৪১৮টা ভোট, অক্যাই লাভ কৰে ৮,০০৬টা ভোট৷

Your Comments