নগাঁৱৰ পৰা ৱাহিদুদ জামান
শতবৰ্ষ গৰকা নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নগাঁও ডচন উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ গৰিমাত কালিমা সানি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হ'ল বিদ্যালয়খনৰ অধ্যক্ষ তপন কুমাৰ বৈদ্য। নগাঁও আৰক্ষীয়ে ২৯ ডিচেম্বৰত বিদ্যালয়খনৰ অধ্যক্ষ তপন বৈদ্যৰ লগতে জালিয়াতিত জড়িত নুৰুল আমিন হাজৰিকা আৰু বিপুল চন্দ্ৰ বৰা নামৰ দুজন লোককো গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নুৰুল আমিন হাজৰিকা নগাঁও স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আৰু বিপুল চন্দ্ৰ বৰা নগাঁও গড়কাপ্তানি বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী। মৃত্যুৰ প্ৰমাণ-পত্ৰ জালিয়াতি কৰাৰ অপৰাধত তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে নগাঁও জিলাৰ ঘুৰিয়াগাঁৱৰ বাসিন্দা বিপুল চন্দ্ৰ বৰা আৰু তেওঁৰ জেষ্ঠ ভাতৃ সোমেশ্বৰ বৰাৰ পৈতৃক মাটি-সম্পত্তি আছে হোজাই জিলাৰ কাকীত। উক্ত মাটি-বাৰী সম্পৰ্কীয় এক বিবাদৰ পৰিণতিত ১৯৯০ চনতে সংঘটিত এক মাৰপিটৰ ঘটনাত সোমেশ্বৰ বৰা লগতে সহযোগীৰ আক্ৰমণত স্থানীয় এজন লোকৰ মৃত্যু হৈছিল।
এই সম্পৰ্কে স্থানীয় কাকী আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত হোজাই আদালতে দোষী সাব্যস্ত কৰি সোমেশ্বৰ বৰাক দোষী সাব্যস্ত কৰি কাৰাদণ্ডৰ ৰায় দিয়ে। ইয়াৰ পিছত একাংশ অধিবক্তাৰ পৰামৰ্শ অনুসৰি সোমেশ্বৰ বৰাক কাৰাদণ্ডৰ পৰা বচাবলৈ তেওঁৰ ভাতৃ বিপুল চন্দ্ৰ বৰাই এখন ভুৱা মৃত্যুৰ প্ৰমাণ-পত্ৰ উলিয়াবলৈ সক্ষম হয়।
এই মৃত্যুৰ প্ৰমাণ-পত্ৰখন একে গাঁৱৰে বাসিন্দা তথা নগাঁও ডচন উচ্চতৰ আৰু বহুমুখী মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যই স্বাস্থ্য বিভাগৰ কৰ্মচাৰী নুৰুল আমিন হাজৰিকাৰ সহযোগত যোগাৰ কৰিছিল। নগাঁও চহৰৰ আজাদ নগৰ নিবাসী নুৰুল আমিন হাজৰিকা হ'ল দেওধৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ কাৰ্যালয় সহায়ক।
তেৱেঁই ব্যাপক পৰিমাণৰ ধনৰ লেনদেনৰ বিনিময়ত জীৱিত ব্যক্তিক মৃত সজাই মৃত্যুৰ প্ৰমাণ-পত্ৰখন যোগাৰ কৰি দিছিল। এই বিষয়ে জানিব পাৰি স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ ক্ষীৰকান্ত দাসে নগাঁও সদৰ আৰক্ষী থানাত ৩৯৭৪/১৮ নম্বৰত এসপ্তাহৰ পূৰ্বে এক গোচৰ ৰুজু কৰিছিল ।
এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি এই সমগ্ৰ জালিয়াতি প্ৰক্ৰিয়াত বিদ্যালয়খনৰ অধ্যক্ষ তপন কুমাৰ বৈদ্য আৰু নুৰুল আমিন হাজৰিকাৰ লগতে বিপুল চন্দ্ৰ বৰা জড়িত থকাটো নিশ্চিত কৰি তিনিওজনকে নগাঁও আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে আজি তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে তিনিওকে কাৰাগাৰলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে ১৯১৬ চনত স্হাপিত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নগাঁও ডচন উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যই চলিত বৰ্ষৰ জুলাই মাহত অধ্যক্ষ হিচাপে যোগদান কৰিছিল। আজি তেওঁক জালিয়াতিৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অধ্যক্ষগৰাকীৰ এই কাণ্ডত স্তম্ভিত হৈ পৰে।
- Log in to post comments
- 36 views