নগাঁৱত ভদ্ৰেশ্বৰ ৰাজখোৱাৰ নিৰ্বাচিত গল্প সংকলন "মোৰ গাঁও মোৰ দেশ" উন্মোচন

নগাঁৱত ভদ্ৰেশ্বৰ ৰাজখোৱাৰ নিৰ্বাচিত গল্প সংকলন "মোৰ গাঁও মোৰ দেশ" উন্মোচন

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁও জিলা সাহিত্য সভা ভৱনৰ কমলা দেৱী তোদী ভৱনত আজি বিয়লি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ নিৰ্বাচিত গল্প সংকলন "মোৰ গাঁও মোৰ দেশ"খনি উন্মোচন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই গল্প সংকলনখনি উন্মোচন কৰি কয়- "সাহিত্যত কবিতা উৎকৃষ্ট যদিও গল্প-উপন্যাসৰ মূল্য বেছি।

কাৰণ গল্প-উপন্যাসত এখন সমাজৰ চিত্র প্ৰতিফলিত হয়। আমি গল্প-উপন্যাসত তাহানিৰ সমাজ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ সমাজখনৰ এক জীয়া ছবি দেখা পাওঁ ।" আনহাতে, অসমীয়া ভাষাটো জীয়াই থাকিবনে নাথাকে তাক লৈ বিভিন্ন চৰ্চা অব্যাহত আছে যদিও ভাষাটোক লৈ আশাবাদী বুলি মন্তব্য কৰি ডঃ ডেকাই কয় যে আধুনিক যুগত ভাষা নমৰে। ভাষাটোৰ প্ৰতি আমি নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিব লাগিব।

গল্প-উপন্যাস আদিয়ে নতুন প্ৰজন্মক ভাষাটোৰ প্ৰতি আকৃষ্ট কৰিব। গল্প সংকলনখনিৰ স্ৰষ্টা ভদেশ্বৰ ৰাজখোৱাৰ গল্প-উপন্যাসে গ্ৰাম্য জীৱনৰ ছবি প্ৰাণৱন্ত কৰি তুলিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি বিশিষ্ট শিক্ষাবিদগৰাকীয়ে তেওঁৰ গল্প-উপন্যাসত সমাজ জীৱনৰ ন-পুৰণি সকলো প্ৰতিচ্ছবি ফুটি উঠা বুলি মন্তব্য কৰে।

৫১টা ভিন্নস্বাদৰ গল্প সন্নিবিষ্ট গল্প সংকলন 'মোৰ গাঁও মোৰ দেশ'ৰ উন্মোচনী ভাষণত ডঃ ডেকাই নগাঁও সাহিত্য-সংস্কৃতি-ক্ৰীড়া আদিকে ধৰি সকলো দিশৰে পৰা সমৃদ্ধ বুলিও অভিহিত কৰে। সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁতধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰাক্তন উপায়ুক্ত চন্দ্ৰমোহন কাকতি, জ্যেষ্ঠ সাংবাদিক ক্ৰমে ডঃ আবু হানিফা আৰু কনক হাজৰিকাই অংশগ্ৰহণ কৰি বক্তব্য ৰাখে। অনুষ্ঠানত ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাই নিজৰ অনুভৱ ব্যক্ত কৰি ছাত্ৰ জীৱনৰ পৰা কেনেদৰে সাহিত্য চৰ্চাত ব্ৰতী হৈছিল তাৰ ওপৰত এক চমু আলোকপাত আগবঢ়ায়।

শিল্পী প্ৰণতি বৰাৰ এটি ভক্তিমূলক গীতেৰে শুভাৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাত অধিবক্তা কৃপাসিন্ধু অধিকাৰীয়ে গল্প সংকলনখনিৰ স্ৰষ্টা ভদ্ৰেশ্বৰ ৰাজখোৱাৰ ৰচিত এটি গীত পৰিবেশন কৰে। গ্ৰন্থ উন্মোচনী সভাৰ পাছতে "শীতৰ আবেলি শব্দ সুৰৰ সুগন্ধি" শীৰ্ষক এখনি কাব্য-গীতৰ মনোমোহা অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানটিত আতিকুৰ ৰহমান, নিৰলা দাস শইকীয়া, অঞ্জলি মহন্ত, উজ্জ্বলজ্যোতি দাস, দীপা পণ্ডিত, কুসুম শইকীয়া, অৰুণ চন্দ্ৰ দাস, ডেভিদ দাস, চায়াৰা বেগম, চন্দ্ৰ শইকীয়া, বিমল বৰবৰা আদিয়ে অংশগ্ৰহণ কৰি গীত-কবিতাৰে মুখৰিত কৰি তোলে।

Your Comments