নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত ইংৰাজী বিষয়ৰ কৰ্মশালা সম্পন্ন

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত ইংৰাজী বিষয়ৰ কৰ্মশালা সম্পন্ন

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁও চহৰস্হিত অসমীয়া মাধ্যমৰ অগ্ৰনী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠত আজি ইংৰাজী বিষয়ৰ শিক্ষণ পদ্ধতি সম্পৰ্কত এখন কৰ্মশালা অনুষ্ঠিত হয়।

চহৰখনৰ পানীগাঁও শিৱনগৰত অৱস্থিত বিদ্যালয়খনৰ বিষ্ণু-জ্যোতি চৌহদত আয়োজিত কৰ্মশালাখনত সমল ব্যক্তি হিচাবে উপস্থিত থাকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, কলাগুৰু, অধ্যাপক ডঃ মদন শৰ্মা। নৱৰূপ জাতীয় বিদ্যাপীঠৰ শিক্ষক-শিক্ষয়িত্ৰী, পুৰণিগুদামৰ বিদ্যানিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী, চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক উৎপল গোহাঞিবৰুৱাকে ধৰি বহুসংখ্যক শিক্ষকে অংশগ্ৰহণ কৰে।

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত ইংৰাজী বিষয়ৰ কৰ্মশালা সম্পন্ন

নৱৰূপ জাতীয় বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ সম্পাদকৰ মুনীন্দ্ৰ শইকীয়াই আঁতধৰা অনুষ্ঠানৰ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে সভাপতি অধ্যাপক ডঃ কমল চন্দ্ৰ শইকীয়াই। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ মদন শৰ্মাক আদৰণি জনায় ক্ৰমে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিভা শইকীয়া, ৰেক্টৰ সংগীত বৰুৱা, জ্যেষ্ঠ শিক্ষয়িত্ৰী উৎপলা বৰাই।

কৰ্মশালাখনত বৰ্তমান অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী ভাষাৰ শিক্ষণৰ পদ্ধতি আৰু প্ৰয়োগ সম্পৰ্কে আলোকপাত কৰা হয়। বিদ্যালয়সমুহত ইংৰাজী ভাষা-সাহিত্যৰ শিক্ষাদানৰ সময়ত শিক্ষক সকলে মুখামুখি হোৱা সমস্যাসমূহ মুকলিকৈ আলোচনা কৰাৰ লগতে ইয়াৰ সমাধান সূত্ৰ আগবঢ়ায় ডঃ মদন শৰ্মাই।

তদুপৰি, তেওঁ ইংৰাজী বিষয়টো শিক্ষাৰ্থীসকল সহজ আৰু সৰলভাৱে শিক্ষাদান কৰাৰ কৌশল সম্পৰ্কে কৰ্মশালাত সামৰি লোৱা হয় আৰু ইংৰাজী ভাষাত কথোপকথন, উচ্চাৰণ সন্দৰ্ভতো বহলাই আলোচনা কৰা হয়। কৰ্মশালাখনত কবি-সাহিত্যিক জীৱন নৰহ, বিদ্যালয়ৰ একাংশ অভিভাৱক-অভিভাৱিকা সকলো উপস্থিত থাকে।


 

Your Comments