বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ খগৰপুৰত স্থাপিত এটি কাৰখানা স্থায়ীভাৱে বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই কাৰখানাটোত কেইমাহমান পূৰ্বে কাম-কাজ আৰম্ভ হৈছিল। টায়াৰ জ্বলাই বিটুমিনত ব্যৱহৃত এল অ' ডি তেল উৎপন্ন কৰা এই কাৰখানাটোত টায়াৰসমূহ পোৰাৰ পিছত তাৰ পৰা নিৰ্গত ধোঁৱা আৰু দুৰ্গন্ধই এলেকাটোৰ স্বাভাৱিক জনজীৱন ব্যাহত কৰি তুলিছিল।
ব্যাপক প্ৰদূষণ সৃষ্টিকাৰী এই কাৰখানা বন্ধৰ দাবীত সেই সময়তে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাইজৰ দাবীত সেও মানি প্ৰশাসনে সেই সময়ত কাৰখানাটোৰ কাম-কাজ বন্ধ কৰি দিছিল। কিন্তু হঠাতে কিছুদিন পূৰ্বৰ পৰা কাৰখানাটোত পুনৰ কাম আৰম্ভ হয়। এই কাৰ্যত জাঙুৰ খাই উঠিছে স্থানীয় জনতা।
কাৰখানাটো স্থায়ীভাৱে বন্ধৰ দাবীত আজি স্থানীয় পুৰুষ-মহিলা তথা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আন দল-সংগঠনৰ সদস্য কাৰখানাটোৰ সম্মুখত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। সেই সময়তে প্ৰশাসনৰ বিষয়া এগৰাকী উপস্থিত হৈ ৰাইজক বুজনি দিয়াৰ চেষ্টা কৰে যদিও ৰাইজে বিষয়াগৰাকীৰ লগত বহু সময় জুৰি তৰ্ক-বিতৰ্কত লিপ্ত হয়।
অৱশেষত আজি পুনৰ সাময়িকভাৱে কাম বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে। কাইলৈ জিলা উপায়ুক্তৰ লগত সকলো পক্ষৰ এক আলোচনা কৰোৱাৰ আশ্বাস দিয়াত প্ৰতিবাদকাৰী ৰাইজ ক্ষান্ত হয়। উল্লেখ্য যে কাৰখানাটোৰ নিচেই কাষতে কেইবাখনো বিদ্যালয়, বজাৰ, ধৰ্মীয় অনুষ্ঠান আৰু বহু লোকৰ বাসগৃহ আদি আছে।
এনে জনবহুল এলেকাত বিভাগীয় কৰ্তৃপক্ষই কাৰখানাটো বহুওৱাৰ কিয় অনুমতি দিলে সেয়া বিচাৰ্যৰ বিষয়। ৰাইজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নাইনেকি চৰকাৰৰ? সেয়া এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। কাৰখানাটো স্থায়ীভাৱে বন্ধ নকৰিলে এলেকাটোৰ জনস্বাস্থ্য তথা বাতাৱৰণলৈ কঢ়িয়াই আনিব ব্যাপক ভাবুকি।
- Log in to post comments
- 29 views