নামৰূপৰ পৰা সমীৰণ বৰুৱা
যোৱা বহু দিন ধৰি দুলীয়াজান অঞ্চলত এক গাড়ী চুৰি চক্ৰই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷ এই চক্ৰটোৱে ৰাইজৰ নিদ্ৰাহৰণ কৰি অহাৰ সময়তে বৃহস্পতিবাৰে নিশা এক মটৰচাইকেল চুৰি চক্ৰক টেঙাখাত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে দুলীয়াজান জয়ানগৰ অঞ্চলৰ নিবাসী সুৰেন চুতীয়াৰ ঘৰত ভাৰাতীয়া হিচাপে থকা অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত ত্ৰিপুৰাৰ আগৰতলাৰ ভাটি অভয় নগৰৰ নিবাসী জয়বত্ৰ দাস নামৰ ইঞ্জিনীয়াৰজনৰ ৰয়েল এনফিল্ড বাইকখন যোৱা ২৫ ডিচেম্বৰ তাৰিখে ঘৰৰ বাৰান্দাৰ পৰা নিৰুদ্দেশ হয়।
পিছত তেওঁ যোৱা ২৬ ডিচেম্বৰত দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এক গোপন সূত্ৰৰ পমখেদি টেঙাখাত আৰক্ষী থানাৰ আৰক্ষী বিষয়া মইদুল ইছলামৰ নেতৃত্বত ছজনীয়া এটা আৰক্ষী দলে টেঙাখাত থানাৰ অন্তৰ্গত লেংৰাই তিনিকুৰীয়া গাঁৱৰ নিবাসী দুল গগৈৰ বাসগৃহত চুৰি চক্ৰৰ লগত জড়িত তিনিজন অভিযুক্তৰ লগতে চুৰি হোৱা বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
আটকাধীন ধৃত চোৰকেইজন ক্ৰমে দুলীয়াজানৰ সঞ্জয় চুতীয়া (২৮), প্ৰসেনজিৎ দাস (২৭) আৰু টেঙাখাতৰ ৰিতুল (দেৱ) ভড়ালী (৩২) বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে অপৰাধী সঞ্জয় চুতীয়া জয়বত্ৰ দাসৰ ভাৰাতীয়া মালিক সুৰেন চুতীয়াৰ পুত্ৰ অৰ্থাৎ মালিক বুলি জানিব পৰা গৈছে। আটকাধীন অপৰাধীকেইটাক পিছত টেঙাখাত আৰক্ষীয়ে দুলীয়াজান আৰক্ষীক গতাই দিয়ে৷
- Log in to post comments
- 64 views