বঙাইগাঁৱত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিসৱ উদযাপন

s

শতবৰ্ষ গৰকা অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ১০২ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত তথা ভূমিশ্বৰ-নাককাটি শাখা সাহিত্য সভাৰ সহযোগত বঙাইগাঁৱৰ বৰ্ষণগাঁওস্থিত শ্ৰীশ্ৰী হৰি মন্দিৰ প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ অসম সাহিত্য সভাৰ দ্বিতীয়টো শতিকাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

অনুষ্ঠানত  জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ ৰায়ৰ লগতে উপ-সভাপতি, শাখা সভাৰ সভাপতি-সম্পাদক, অন্যান্য বিষয়ববীয়া, সাহিত্যিক, বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি আৰু জিলাৰ বিশিষ্ট ব্যক্তিসকলে একেলগে ১০২খন পতাকা উত্তোলন কৰে ৷ পতাকা উত্তলোনৰ পিচতে 'অ' মোৰ আপোনাৰ দেশ' শীৰ্ষক অসমৰ জাতীয় সংগীতটি পৰিৱেশন কৰা হয় ৷

ইয়াৰ পিচতে ছহিদসকলৰ পৱিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে জিলা সাহিত্য সভাৰ উপ-সভাপতি ৰাম বিৰিক ৰায়ে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিচতে অনুষ্ঠিত হয় মুকলি সভা ৷ জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত জিলা সভাৰ সম্পাদক অৰূপ কুমাৰ পাঠকে সভাৰ উদ্দেশ্য তথা আদৰণি ভাষণ ৰাখে ৷

সভাত 'মাতৃভাষা আৰু চৰকাৰী ভাষাৰ যথাযথ প্ৰয়োগ' শীৰ্ষক বিষয়ৰ ওপৰত বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান আৰু কোচ-ৰাজবংশী সাহিত্য সভাৰ সম্পাদক কমল কুমাৰ বৰ্মনে মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিষয়টি সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰি বক্তব্য ৰাখে ৷

আনহাতে বঙাইগাঁও পলিটেননিকৰ অধ্যক্ষ চক্ৰধৰ দাস, কোচ-ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু কোচ-ৰাজবংশী সাহিত্য সভাৰ আলোচনী সম্পাদক ৰঘুনাথ চৌধুৰী আদিয়েও বক্তব্য ৰাখে ৷ অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ দ্বিজেন নাথসহ কে'বাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Your Comments