মঙলদৈৰ পৰা উজ্জ্বল জ্যোতি ডেকা
অসম লোকসেৱা আয়োগৰ অধিনত চলিত বৰ্ষত অনুষ্ঠিত অসম বিত্ত সেৱা (বিভাগীয়) পৰীক্ষাৰ সদ্য ঘোষিত ফলাফলত প্ৰথম স্থান লাভ কৰিছে মঙলদৈ ইছলামপুৰ নিবাসী বক্সি গোলাম মহম্মদে । মঙলদৈ কোষাগাৰত বিগত ২৮ বছৰে কেৰাণী পদত চাকৰি কৰি থকা বক্সি গোলাম মহম্মদে বহু যত্নৰ অন্তত ৫০ বছৰ বয়সত এই সফলতা অৰ্জন কৰাত উৎফুল্লিত হৈ পৰিছে দৰংবাসী।
এগৰাকী সৎ আৰু নিষ্ঠাবান কৰ্মচাৰী হিচাপে পৰিচিত বক্সি গোলাম মহম্মদ এগৰাকী সুসাহিত্যিকো। 'আমাৰ অসম'ৰ দেওবৰীয়া আলোচনী পূৰ্বাচল, 'দৈনিক জনমভূমি', 'আসাম ট্ৰিবিউন', 'নৰ্থ-ইষ্ট টাইমচ' আদি কাকত-আলোচনীত তেওঁৰ কেবাটাও চিন্তাগধুৰ প্ৰবন্ধ আৰু কবিতা প্ৰকাশ পাইছে।
তেওঁ ছিপাঝাৰ সাহিত্য সভাৰ এগৰাকী আজীৱন সদস্য। বক্সি গোলাম মহম্মদৰ এই সাফল্যত দল-সংগঠন প্রমুখ্য অসংখ্য শুভাকাংশীয়ে অভিনন্দন জ্ঞাপন কৰিছে। বক্সি গোলাম মহম্মদ ছিপাঝাৰৰ খুজ্জেৰি গাঁৱৰ প্ৰয়াত খলিল আলি আৰু চয়ান বেগমৰ পুত্ৰ।
- Log in to post comments
- 9 views