গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বঙাইগাঁও জিলাৰ বৃহত্তৰ বইটামাৰী শিল্পী সমাজৰ উদ্যোগত আজি বৰেণ্য শিল্পীগৰাকীক সোঁৱৰণ কৰে। আজি পুৱা দহ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে বইটামাৰী শিল্পী সমাজৰ সভাপতি ধনঞ্জয় নাথে ।
প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে শিল্পী সমাজৰ উপদেষ্টা বিমলেন্দু বৰ্মনে । ভাগৱত পাঠ কৰে নগেন ৰায়ে । দুপৰীয়া এক বজাত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা । সভাত সভাপতিত্ব কৰে বইটামাৰী শিল্পী সমাজৰ সভাপতি ধনঞ্জয় নাথে । সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি লোকসংস্কৃতিৰ গৱেষক তথা সাহিত্যিক দ্বিজেন নাথে প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱন তথা কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে ।
অনুষ্ঠানত লোকশিল্পী যতীন চৌধুৰীয়ে প্ৰতিমা পাণ্ডেক সোঁৱৰণ কৰি বক্তব্য আগবঢ়ায় । আজিৰ সভাত দক্ষিণ বইটামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী লিপিকা সৰকাৰ, বইটামাৰী আঞ্চলিক পঞ্চায়তৰ সদস্যা যুতিকা দাস আদিকে ধৰি বহু লোক উপস্থিত থাকে । বিয়লি অনুষ্ঠিত হয় লোকসংগীতৰ এক বৰ্ণাঢ্য অনুষ্ঠান । সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰে সামৰণি হয়।
- Log in to post comments
- 14 views