সাংসদ আজমলক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ

ো

এআইইউডিএফৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে কালি দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত আয়োজিত সংবাদ মেলৰ মাজতে শালীনতাৰ সকলো সীমা চেৰাই সাংবাদিকক অশ্লীল আৰু অশ্ৰাব্য গালিৰে আক্ৰমণ কৰা কাৰ্যক বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছে ৷

এক প্ৰেছ বিবৃতিত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক উপানন্দ শৰ্মাই কয় যে ৰাজনৈতিক দলটোৰ সভাপতি আজমলে অসভ্যালিৰ সকলো সীমা অতিক্ৰম কৰি সাংবাদিক এজনক আক্ৰমণ কৰা এনে কাৰ্য অতি নিকৃষ্ট আৰু ঘৃণনীয় বিৱেচিত হৈছে ৷

সেয়ে এআইএইডিএফৰ মুৰব্বী আজমলক ভবিষ্যতে এনে ধৰণৰ কাৰ্যৰ পৰা আঁতৰি থকিবলৈ প্ৰেছ ক্লাবৰ তৰফৰ পৰা সকীয়নি প্ৰদান কৰে ৷ লগতে সাংসদ বদৰুদ্দিন আজমলৰ লগতে দলটোৰ সকলো নেতা- কৰ্মীক এনে কাৰ্য কলাপৰ পৰা আঁতৰি থাকি কালি সাংবাদিকক কৰা আক্ৰমনৰ বাবে সাংসদগৰাকীক অসমৰ সাংবাদিক সমাজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাইছে ৷

Your Comments