প্ৰিয়ঙ্কা ৰাজনীতিলৈ অহাটো বিচাৰে ৰাহুলে

প্ৰিয়ঙ্কা ৰাজনীতিলৈ অহাটো বিচাৰে ৰাহুলে

নৰেন্দ্ৰ মোডীৰ ৰাজনৈতিক যাত্ৰাত দিশহাৰা হৈ পৰিছে কংগ্ৰেছ। দলৰ ‘থিংটেঙ্ক’ সকলে নতুন নতুন ফৰ্মূলা আৱিস্কাৰত ব্যস্ত হৈ পৰিছে। শেহতীয়াভাৱে প্ৰিয়ঙ্কা গান্ধীক প্ৰত্যক্ষ তথা সক্ৰিয় ভূমিকাত অনাৰ বাবে চিন্তা-চৰ্চ্চা আৰম্ভ হৈছে। কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰ মতে ঘৰুৱা আলোচনাত ৰাহুল গান্ধীয়ে প্ৰিয়ঙ্কাক পৰ্দাৰ আৰঁৰ পৰা ওলাই আহিব লাগে বুলি মত প্ৰকাশ কৰিছে। কংগ্ৰেছ অধ্যক্ষ গৰাকীয়ে প্ৰিয়ঙ্কা ৰাজনীতিত সম্পূৰ্ণভাৱে জড়িত হোৱা বিচাৰে।

প্ৰিয়ঙ্কা ৰাজনীতিলৈ অহাটো বিচাৰে ৰাহুলে

জোঁট বন্ধন ৰাজনীতিত কংগ্ৰেছ এতিয়াও সফল হ’ব পৰা নাই। এই ক্ষেত্ৰত ৰাহুল গান্ধী বাধা হ’ব বুলি ধাৰণা কৰি কংগ্ৰেছে ৰাহুলৰ পৰিবৰ্তে মমতা আৰু মায়াৱতীক প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰিব পাৰি বুলি প্ৰকাশ কৰিছে। প্ৰিয়ঙ্কা ৰাজনীতিলৈ আনিলে প্ৰিয়ঙ্কাৰ স্বামী ৰবাৰ্ট ভদ্ৰাৰ বিৰুদ্ধে থকা অভিযোগসমূহ লৈ বিৰোধীয়ে ৰাজনীতি কৰিব বুলি এচাম কংগ্ৰেছী নেতাই আশংকা কৰিছে। কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতিৰ প্ৰসঙ্গ উত্থাপন কৰি বিৰোধীয়ে ৰাজনীতি অন্য ফালে নিব বুলিও এচামে আশংকা কৰিছে।  
 

Your Comments