মাজুলী-ডিব্ৰুগড় বাছ সেৱা আৰম্ভ 

ASTC Bus service to Majuli

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

এটা যুগৰ অৱসান ঘটাৰ পিছত আজিৰে পৰা মাজুলী-ডিব্ৰুগড় পোনপটীয়া বাছ সেৱা আৰম্ভ কৰিলে অসম ৰাজ্যিক পৰিবহণ  নিগমে । কমলাবাৰীৰ পৰা ফুলনি চাৰিআলিৰ মাজেৰে বাছখন বগীবিল দলং হৈ ডিব্ৰুগড়লৈ চলাচল কৰিব । ফেৰী পাৰ হৈ চিকিৎসাৰ বাবে দৈনিক ২০ৰ পৰা ৩০ গৰাকী মাজুলীৰ ৰাইজ ডিব্ৰুগড় যাবলগীয়া হয় যদিও দুৰ্বিষহ সেই যাত্ৰাৰ পৰা পৰিত্ৰাণ পাব বুলি উৎফুল্লিত হৈ পৰিছে মাজুলীৰ ৰাইজ ।

এ এছ টি চিৰ আজিৰ পৰা আৰম্ভ হোৱা বাছ সেৱাৰ বৰ্তমানৰ সময় সূচী অনুযায়ী মাজুলীৰ পৰা পুৱা ৫:৩০ বজাত ডিব্ৰুগড়লৈ যাত্ৰা কৰি বিয়লি ২ বজাৰ ভিতৰত পুনৰ মাজুলীত উপস্থিত হ'ব । এতিয়াৰে পৰা মাত্ৰ ৩০০ টকাতে এজন লোকে দিনটোৰ ভিতৰতে ডিব্ৰুগড় পৰা কাম কৰি ঘূৰি আহিব পাৰিব। নিশ্চিতভাৱে এইয়া শুভ-সংবাদ মাজুলীবাসীৰ বাবে।

Your Comments