শিলঘাট মৰাপাট কল স্থাপনক লৈ কুটিল ৰাজনীতি কৰা শ্ৰমিক পৰিষদক ৰাজহুৱা সভাৰ তীব্ৰ গৰিহনা

ো

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে শেহতীয়াকৈ অনুমোদন জনোৱা শিলঘাট মৰাপাট কলৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমৰ পৰা ৩২.৭২ কোটি টকা ঋন লোৱাৰ প্ৰস্তাৱৰ  কথা উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ঘোষনা কৰাৰ লগে কলিয়াবৰবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে।

কিন্তু এই লৈ মিলটোৰ শ্ৰমিক পৰিষদে মিলটোৰ দ্বিতীয় ইউনিটটো বিহডুবিত সংস্থাপনৰ বিৰোধিতা কৰি আহিছে । শ্ৰমিক পৰিষদে বিহডুবিত দ্বিতীয় ইউনিটটো সংস্থাপনক লৈ ৰাইজক ভুল পথে পৰিচালিত কৰি গণস্বাক্ষৰদৰে কাৰ্যসূচী গ্ৰহণ কৰা বুলি একাংশ সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে।

এই লৈ আজি স্থনীয়লোকে শিলঘাটত এখন ৰাজহুৱাসভা অনুষ্ঠিত কৰে আৰু বিহডুবিত শিলঘাট মৰাপাট কলৰ দ্বিতীয় ইউনিট স্থাপনৰ বাবে চৰকাৰে আগবঢ়োৱা ঋনৰ ধন্যবাদ জনায়৷ সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু তেওঁলোকে বিহডুবিৰ এই ইউনিতটোৱে বহু নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ লগতে অৰ্থনৈতিক ভাবে অঞ্চলটোৰ উন্নতিত অৰিহণা যোগাব বুলি বক্তাসকলে ভাষণ উল্লেখ কৰে৷

সভাত শ্ৰমিক পৰিষদৰ ভূমিকাক তীব্ৰভাষাৰে গৰিহনা দিয়াৰ লগতে তেওঁলোকক এনে কুঅভিসন্ধিৰ পৰা বিৰত থাকিবৰ সভাত আহ্বান জনায়৷ বিহডুবি ইউনিটটোৰ কাম-কাজ আগুৱাই নিবৰ বাবে সভাত এখন আহ্বায়ক সমিতিয়ো গঠন কৰা হয়৷
 

Your Comments