মাজুলীত বিশিষ্ট সাহিত্যিক চেঙাৰাম মৰাংৰ আদ্যশ্ৰাদ্ধ, মিগাং আবু উন্মোচন

w

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
সাহিত্যিক পেঞ্চনাৰ শিক্ষাবিদ চেঙাৰাম মৰাংৰ তেওঁৰ নিজা বাসগৃহ জেংৰাইমুখত আজি পৰম্পৰাগত নীতি নিয়মৰ মাজেদি আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয় । উল্লেখ যে মিচিং ভাষা উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অন্যতম বক্তি  তথা মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কবি,সমালোচক চেঙাৰাম মৰাংৰ যোৱা ১৬ ডিচেম্বৰত মাজুলী ফুলনি ফ্ৰাম হাউচত আকস্মিকভাৱে মৃত্যু হয়। অসাধাৰণ বক্তিজনৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি মিগাং আবু নামৰ এখন উন্নত মানবিশিষ্ট স্মৰণিকা প্ৰকাশ কৰা হয় ৷

সাংবাদিক ৰাজীৱ পাতিৰে সম্পাদনা কৰা এইখন স্মৃতিগ্ৰন্থখন ফিটা খুলি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মিচিং আগম কেবাংৰ সভাপতি গোবিন টাইদে । গ্ৰন্থখন উন্মোচন কৰি সভাপতিগৰাকীয়ে কয় সাহিত্যিক চেঙাৰাম মৰাংৰ মৃত্যু কেৱল মিচিং সমাজৰে ক্ষতি নহয় অসমীয়া সাহিত্য সংস্কৃতিৰ বাবেও বৃহৎ ক্ষতি । দিনৰ এঘাৰ বজাত অনুষ্ঠিত আদ্যশ্ৰাদ্ধ অনুষ্ঠানত চাকি বন্তি আৰু ধূপকাটি প্ৰজ্বলন  কৰি মাংগলিক কাৰ্য সম্পাদন কৰে বিশিষ্ট নাগৰিক ডাঃ বিশ্বশ্বৰ পেগুৱে ।

‘মিগাং আবু’ নামৰ গ্ৰন্থ উন্মোচনৰ লগত সংগতি ৰাখি এক স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয় ৷ অনুষ্ঠানতৰ আৰম্ভণিতে সাহিত্যিক পেঞ্চনাৰ চেঙাৰাম মৰাংৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত সকলোৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়। ইয়াৰ পিছত সাংবাদিক ৰাজীৱ পাতিৰে আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানত মিচিং আগম কেবাংৰ সাধাৰণ সম্পাদক ইলেশ্বৰ দলেই মিচিং আগম কেবাংৰ প্ৰাক্তন সভাপতিগৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁ লিখি থৈ যোৱা প্ৰৱন্ধবোৰক মিচিং আগম কেবাঙে প্ৰকাশৰ ব্যৱস্থা কৰিব বুলি কয়।

অনুষ্ঠানত মিচিং বানে কেবাংৰ প্ৰাক্তন সচিব প্ৰভাত মিলি,মাজুলী জিলা নিৰ্বাচনী বিষয়া মগেন নৰহ,সমাজ সংগঠক টানিটাকাৰ পেগু, জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পদ্ম পেগু, বিশিষ্ট নাগৰিক ডাঃ বিশ্বেশ্বৰ পেগু, বিজু পেগু, কুমাৰবাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক জগন্নাথ পেগু আদিকে ধৰি বহুগৰাকী বিশিষ্ট বক্তিয়ে উপস্থিত থাকি সাহিত্যিক পেঞ্চনাৰ চেঙাৰাম মৰাঙে সমাজলৈ দি থৈ যোৱা বিভিন্ন দিশ সন্দৰ্ভত ৰেখাপাত কৰে৷

Your Comments