নিৰ্যাতনৰ গোচৰত অভিযুক্ত মন্ত্ৰী ৰাজেন গোহাঁইয়ে ৮ জানুৱাৰীত হাজিৰ হ’ব লাগিব আদালতত 

w

আগন্তুক ইংৰাজী নৱ বৰ্ষ ২০১৯ৰ আৰম্ভণিটো সুখকৰ নহ'ব নগাঁৱৰ সাংসদ তথা কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ বাবে। কিয়নো ২০১৯ ৰ দ্বিতীয় সপ্তাহৰ পহিলা দিনটোতে  নগাঁও আদালতত হাজিৰ হ'ব লাগিব কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী জন। ইতিমধ্যে এই সন্দৰ্ভত নগাওঁ আদালতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীলৈ চমন জাৰি কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, নগাঁও জিলাৰ তুলসীমুখ দেউৰীগাঁৱৰ বিজেপিৰ যুৱ মৰ্চাৰ এজন সক্ৰিয় সদস্যৰ পত্নীয়ে যোৱা দুই আগষ্টত তেওঁ আৰু তেওঁৰ এগৰাকী ননদক চাকৰিৰৰ প্ৰলোভনেৰে কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে যৌন নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ উল্থাপন কৰি গোঁহাইৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰিছিল।

গোচৰটোৰ সন্দৰ্ভত ক্ষমতাশালী মন্ত্ৰী ৰাজেন গোঁহাইক নগাঁও আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছিল যদিও আদালতৰ পৰা ৰেহাই নাপালে গোঁহাইয়ে ।আনকি নগাঁও আদালতে গোঁহাইৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত পঞ্জীয়ন ভূক্ত গোচৰটো সন্দৰ্ভত আৰক্ষীয়ে আদালতত দাখিল কৰা চূড়ান্ত প্ৰতিবেদন খন অগ্ৰাহ্য কৰি গোচৰটো চলোৱাৰ সিদ্ধান্ত লৈছিল।

নগাঁও আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈৰ আদালতে ৰাজেন গোঁহাইৰ গোচৰটো সন্দৰ্ভত যোৱা ২০ নৱেম্বৰত এক নিৰ্দেশনা জাৰি কৰিছিল । আদালতে গ্ৰহণ কৰা প্ৰাথমিক শুনানিৰ পিছত অহা ৮ জানুৱাৰী, ২০১৯ তাৰিখে গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰি সেইদিনা ৰাজেন গোঁহাইক সোঁশৰীৰে আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে । সেই অনুসৰি উক্ত দিনা মন্ত্ৰীগৰাকী আদালতত হাজিৰ হ'ব লাগিব৷

নগাঁৱৰ পৰা ৱাহিদুদ জামান

Your Comments