পাক প্ৰধানমন্ত্ৰী হোৱাৰ পথত ইমৰাণ খান

ইমৰাণ খান

 পাকিস্তান নেচনেল এছেম্বলীৰ মুঠ ৩৪২খন আসন। ইয়াৰে ২৭২খন আসনত নিৰ্বাচন অনুষ্ঠিত হয়। উল্লেখ্য যে, ২৭২খন আসনৰ ভিতৰত ৬০খন মহিলাৰ বাবে সংৰক্ষিত। ১০খন আসন সংখ্যালঘুৰ বাবে সংৰক্ষিত। এইবাৰ পাকিস্তানৰ নেচনেল এছেম্বলীৰ নিৰ্বাচনত ১৭১গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা কৰিছে, ২৭২খন আসনৰ বাবে ৩.৬৭৫গৰাকী প্ৰাৰ্থী থিয় হৈছে।

পাকিস্তানত দ্বিতীয়বাৰৰ বাবে গণতান্ত্ৰিক পদ্ধতিত প্ৰধানমন্ত্ৰী পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ৭০ বছৰৰ ভিতৰত ২০১৩ চনত গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ নিৰ্বাচন হৈছিল। প্ৰধানমন্ত্ৰী পদৰ অন্যতম প্ৰাৰ্থী প্ৰাক্তন ক্ৰিকেটাৰ পেচ বলাৰ ইমৰাণ খান। পি টি আই দলৰ মুৰব্বী ইমৰাণ খানে যুৱ প্ৰজন্মক বিশেষভাৱে আকৰ্ষণ কৰিছে। ইমৰাণ খানৰ নিৰ্বাচনী ইচ্ছ্যুৰ ভিতৰত দেশক সন্ত্ৰাস মুক্ত কৰা, যুৱ প্ৰজন্মক সংস্থাপন দিয়া, কাশ্মীৰ সমস্যাৰ সমাধান কৰা অন্যতম। ইমৰাণ খানে কয় যে, তেওঁ যদি প্ৰধানমন্ত্ৰী হয়, তেন্তে কেৱল পাকিস্তানৰ বাবে কাম কৰিব, পাকিস্তানৰ বাবে চিন্তা কৰিব।

আজি আনুষ্ঠানিকভাৱে পাকিস্তানৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। পাকিস্তানৰ দৈনিক ‘ডন’ কাকতৰ খবৰ অনুযায়ী ১১৩খন আসনত আগবাঢ়ি আছে ইমৰাণ খানৰ দল তেহৰিক-এ-ইনছাফ (পিটিআই)। চৰকাৰ গঠন কৰিবলৈ লাগে ১৩৭খন আসন। কাৰাবন্দী নৱাজ শ্বৰিফৰ দল পি এম এল এন যে ৬৪খন আসনত আগবাঢ়ি আছে। ৰাজনৈতিক মহলৰ মতে পাকিস্তানৰ সেনা বাহিনীয়ে ইমৰাণ খানক সংখ্যা গৰিষ্ঠ হিচাপে চৰকাৰ গঠন কৰাৰ আশা কৰিছে। ১৩৭সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে পি পি পি দলৰ লগত পি টি আই দলে জোঁট বন্ধন কৰিব পাৰে।

Your Comments