হিন্দু বাংলাদেশীসকল বৈধ ! গৃহমন্ত্ৰীৰ ঘোষণা

rijiju

নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ সংসদত গৃহীত হ'ল নেকি? প্ৰশ্নটো এই কাৰনেই উৎথাপিত হৈছে যে ২৫ জুলাইত ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে ঘোষনণা কৰিলে-২০১৪ চনলৈকে অহা সকলো হিন্দু বাংলাদেশীয়েই বৈধ নাগৰিক। বিধেয়ক গৃহীত হোৱাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে অধিসূচনাযোগে এই ব্যৱস্হা কৰি ল'লে নেকি?

ৰাজ্যসভাত সাংসদ ৰিপুণ বৰাই উৎথাপন কৰা এক প্ৰশ্নৰ উত্তৰত এই ভয়ংকৰ তথ্য আগবঢ়ায় গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে। অসমৰ সাংসদগৰাকীৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰিজিজুৱে সদনত জনায় যে ধৰ্মীয় নিৰ্যাতনৰ ভয়ত ২০১৪ চনৰ ৩১ডিচেম্বৰলৈ বাংলাদেশ,পাকিস্তান আৰু আফগানিস্তানৰ পৰা নিৰ্দিষ্ট ছটা সম্প্ৰদায়ৰ যিসকল লোক ভাৰতলৈ আহিছে,তেওঁলোক ভাৰতত বসবাস কৰাটো চৰকাৰে নিয়মীয়া কৰিছে। তেওঁলোক এতিয়া ভাৰতত থকাটো অবৈধ নহয়।

এতিয়া আৰু হিন্দু বাংলাদেশীলোক সকল অসমত অবৈধ বিদেশী নাগৰিক নহয়। অসমত প্ৰবল প্ৰতিবাদ হৈ থকাৰ মাজতে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে সদনত দিয়া বক্তব্যই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰকৃত চৰিত্ৰ স্পষ্ট কৰিলে।

এন আৰ চি ৰ চূড়ান্ত খচৰা প্ৰকাশৰ আগে আগে কেন্দ্ৰৰ এনে ঘোষণা অসমৰ বাবে এক ভয়ংকৰ বিষয় হ'ব। কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনত জাৰি কৰা এক অধিসূচনা অনুসৰি, ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশ,পাকিস্তান,আফগানিস্তানৰ পৰা নিৰ্যাতিত হৈ ভাৰতলৈ অহা ছটা ধৰ্মৰ লোকক কেন্দ্ৰীয় চৰকাৰে ভাৰতত থকাৰ সুবিধা দিছিল।

ইয়াৰ বাবেই নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ সংসদত গৃহীত কৰিব বিচাৰিছে। এই ক্ষেত্ৰত প্ৰবল গণ প্ৰতিবাদ হৈ থকাত বিজেপি চৰকাৰে ২০১৫ ৰ অধিসূচনাৰ ভিত্তিতেই বিদেশীক স্বদেশী কৰিছে।

হিন্দু বাংলাদেশীসকল বিজেপি চৰকাৰৰ মতে এতিয়া ভাৰতীয় নাগৰিক।এনে অৱস্হাত অসমৰ মুখ্য মন্ত্ৰী আৰু অগপ দলৰ সিদ্ধান্ত কি হ'ব সেইটো লক্ষ্য কৰিব অসমৰ জনগণে ।

Your Comments