বঙাইগাঁৱত দিব্যাংগক সা-সঁজুলি প্ৰদানৰ বাবে বাছনি শিবিৰ

ৈ

বঙাইগাঁও ৰটাৰী ক্লাবৰ উদ্যোগত আজি দিব্যাংগ ব্যক্তিসকলক বিনামূলীয়া সা-সঁজুলি প্ৰদানৰ উদ্দেশ্যে চিনাক্তকৰণৰ বাবে এক বাছনি শিবিৰ অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বৰপাৰাৰ ২নং নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত বাছনি শিবিৰত মুঠ ২৫১গৰাকী দিব্যাংগ ব্যক্তি উপস্থিত থাকে ৷ শিবিৰত বাছনি কৰা দিব্যাংগ ব্যক্তিসকলক পৰৱৰ্তী সময়ত তেওঁলোৰ প্ৰয়োজনীয় সা-সঁজুলিসমূহ ৰটাৰী ক্লাবে যোগান ধৰিব ৷

উল্লেখ্য যে বাছনি শিবিৰটো ভাৰতীয় কৃত্ৰিম অংগ নিৰ্মাণ নিগম, জয়পুৰ ফুট আৰু নেচনেল কেৰিয়াৰ ছাৰ্ভিচ চেন্টাৰ ফ'ৰ ডিফাৰেন্টলি এবল্ড নামৰ সংস্থাৰ সহযোগত পৰিচালিত হয় ৷ শিবিৰটো পৰিচালনা কৰাত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে বিভিন্ন বিভাগ, বেচৰকাৰী অনুষ্ঠান তথা বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবক ৰটাৰী ক্লাবৰ সভাপতি প্ৰদীপ কুমাৰ দাসে ধন্যবাদ জ্ঞাপন কৰে ৷

Your Comments