টিভিয়ে মোক ফুটবলৰ দলে খেলি আছে : হিমন্ত বিশ্ব

ৈ

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

মোক ফুটবলৰ দৰে খেলি টিভিয়ে পাগল কৰি তুলিছে-এই মন্তব্য অসম চৰকাৰৰ স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বুজ ল'বলৈ আহি আজি মৰিগাঁৱত উপস্থিত হোৱা মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এইদৰে কয় ।

আগন্তক লোকসভা আৰু ৰাজ্যসভা নিৰ্বাচনৰ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি সন্দৰ্ভত মৰিগাঁৱৰ সংবাদ মাধ্যমৰ লোকসকলে জানিব বিচৰাত তেওঁ কয় একাংশ টিভি চেনেলে অপপ্ৰচাৰ কৰি মোক ফুটবলৰ দৰে খেলি আছে ৷ সংবাদ মাধ্যমক এক প্ৰকাৰ দোষাৰোপ কৰি বিষয়টোৰ পৰা অতি কৌশলৰে মন্ত্ৰীগৰাকী আঁতৰি যায়। আনহাতে, বগীবিল দলং নিৰ্মাণ বিজেপিৰ কৃতিত্ব বুলি দাবী কৰে যদিও মন্ত্রী শৰ্মাই মধুপুৰ সত্ৰ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকি এই বিষয়ে একো নাজানো বুলি জনায়।

উল্লেখ্য যে, অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ বুজ ল'বলৈ অহা মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্তৰ সভাকক্ষত জিলা প্ৰশাসন, সকলো বিভাগৰ মুৰব্বী বিষয়া আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণি সমিতিৰ সৈতে এখন পৰ্যালোচনা সভাতো মিলিত হয় ।

মন্ত্রী পীয়ুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে সকলো বিভাগৰ মুৰব্বী বিষয়াকে আদি কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণি সমিতিৰ সদস্যসকলে অংশগ্ৰহণ কৰা সভাখনত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলো বিভাগকে অহা ৩০ জানুৱাৰীৰ পূৰ্বে নিজ নিজ দায়িত্ব সঠিকভাৱে সম্পাদন কৰিবলৈ আহ্বান জনায়৷  

লগতে মুৰব্বী বিষয়াসকলক নিজৰ দায়িত্ব প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰে৷ তদুপৰি অধিৱেশনখন সাফল্য মণ্ডিত কৰি তোলাত চৰকাৰে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াই যাব বুলিও মন্ত্রী শৰ্মাই মন্তব্য কৰে।
 

Your Comments