বঙাইগাঁৱত ২৭ ডিচেম্বৰত সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিসৱ উদযাপনৰ প্ৰস্তুতি

c

শতবৰ্ষ গৰকা অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই ৰাইজৰ সহযোগত নিজৰ গৌৰৱোজ্জ্বল যাত্ৰা পথত আগুৱাই যাবলৈ সক্ষম হৈছে ৷ এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ অন্যতম জিলা শাখা বঙাইগাঁও জিলা সাহিত্য সভাইও এই যাত্ৰাৰ অংশীদাৰ হিচাপে অহা ২৭ ডিচেম্বৰত অসম সাহিত্য সভাৰ দ্বিতীয়টো শতিকাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ভূমীশ্বৰ-নাককাটি শাখা সাহিত্য সভাৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে জিলা শাখা সাহিত্য সভাৰ জৰিয়তে বৰ্ষণগাঁওস্থিত শ্ৰীশ্ৰী হৰি মন্দিৰ প্ৰাংগণত উদযাপন কৰিবলৈ প্ৰস্তুতি চলিছে ৷

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা অসম সাহিত্য সভাৰ ১০২ খন পতাকা উত্তোলন কৰিব জিলা সভাৰ সভাপতি, উপ-সভাপতি, শাখা সভাৰ সভাপতি-সম্পাদক,জাতীয় সংগঠনসমূহৰ সভাপতি-সম্পাক আৰু জিলাৰ বিশিষ্ট ব্যক্তিসকলে ৷ জাতীয় ছহিদসকলৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰিব বঙাইগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি ৰাম বিৰিক ৰায়ে ৷

ইয়াৰ পিচতে অনুষ্ঠিত হ'ব মুকলি সভা ৷ জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত 'মাতৃভাষা আৰু চৰকাৰী ভাষাৰ যথাযথ প্ৰয়োগ' শীৰ্ষক বিষয়ৰ ওপৰত বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান আৰু কোচ ৰাজবংশী সাহিত্য সভাৰ সম্পাদক কমল কুমাৰ বৰ্মনে মুখ্য বক্তা হিচাপে উপস্থিত থাকি বক্তব্য ৰাখিব ৷

আনহাতে সভাত জাতীয় সংগঠনসমূহৰ নেতাসকলেও উপস্থিত থাকি ভাষণ প্ৰদান কৰিব বুলি জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসে জানিবলৈ দিছে ৷

Your Comments