হাজোত বন বিষয়া গ্ৰেপ্তাৰ

w

হাজোৰ পৰা কমলাকান্ত দাস
হাজোৰ বনাঞ্চলিক বিষয়া কৰুণা ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে। কামৰূপৰ দদৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বন বিষয়াজনক । দেওবাৰে নিশা বন মাফিয়া আৰু ভূ-মাফিয়া বুলি অভিযুক্ত একাংশ বন ধ্বংসকাৰী লোকক বন বিষয়াগৰাকীয়ে সুৰক্ষা দিয়া বুলি উত্থাপিত  অভিযোগৰ ভিত্তিত বিষয়াগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, আজ্ঞাঠুৰী গোন্ধমৌৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ গোন্ধমৌ গো-ৰিজাৰ্ভত অবৈধভাৱে মাটি কটাৰ খবৰ দিয়া হিমাংশু বৈশ্য নামৰ স্থানীয় যুৱক এজনক ২৫ জনীয়া দুৰ্বৃত্তৰ দল এটাই নিশা ঘৰৰ পৰা পৰিকল্পিতভাবে মাতি নি মাৰধৰ কৰে। দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণৰ সময়ত উক্ত স্থানত বন বিষয়া বৈশ্যৰ উপস্থিতিয়ে সমগ্ৰ ঘটনাক্ৰমক ৰহস্যঘন কৰি তোলে ৷

পৰৰ্বতী পৰ্যায়ত ভুক্তভোগী হিমাংশু বৈশ্যৰ এজাহাৰৰ ভিত্তিত বন বিষয়া কৰুণা ডেকাক গ্ৰেপ্তাৰ কৰাৰ লগতে আন দুই বন কৰ্মীকো দদৰা আৰক্ষীয়ে আটক কৰে ।

Your Comments