জ্ঞানেন্দ্ৰ ৰাজখোৱা হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত সৰৱ সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলন

news_golaghat

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

গোলাঘাট জিলাৰ হাবিয়াল গাঁৱত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম দিনা জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ ব্যক্তিজনক গোলাঘাট আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত আজি পুনৰ গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত সদৌ গোলাঘাট জিলা কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পিতৃ নগেন ৰাজখোৱাই অংশ লোৱা ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ দাবী, নিৰ্বাচনৰ প্ৰথম দিনা মৃত ৰাজখোৱাক গোলাঘাট আৰক্ষীয়ে ঘৰত ভাত খাই থকা অৱস্থাত মাতি নি পদূলিমুখত নিজৰ পিতৃ-পুত্ৰৰ সন্মুখতে বৰ্বৰতাৰে গুলীয়াই হত্যা কৰিছিল। এনে কাণ্ড সংঘটিত কৰা গোলাঘাটৰ আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে জিলা প্ৰশাসন বা চৰকাৰে আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

প্ৰশাসনৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনাই, গোলাঘাট জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ মূৰব্বীয়ে প্ৰতিবাদী ৰাইজক দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ৰাইজক চূড়ান্তভাৱে বিশ্বাসঘাটকতা কৰিলে। ঘটনা সংঘটিত হোৱা দিনধৰি পৰ্যায়ক্ৰমে বিভিন্ন সংগঠন, ৰাইজে উচিত তদন্ত আৰু ন্যায় বিচাৰি দাবী জনাই আহিছে।

উল্লেখ্য যে, যোৱা ১৬ ডিচেম্বৰত গণকপুখুৰী তিনিআলিত সমাজসেৱী গোলাপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত গোলাঘাটৰ বিভিন্ন সংগঠনৰ লগতে ৰাইজে উচিত তদন্তৰে  দোষীক শাস্তি বিহিবলৈ দাবী জনাইছিল। 

কিন্তু আজি বিশ দিন উকলি যোৱাৰ পাছতো চৰকাৰ তথা প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল। পুনৰ আজি একে দাবীৰে সদৌ কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনে উচিত তদন্ত আৰু দোষীয়ে শাস্তি নোপোৱা পৰ্যন্ত এই সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্পৰে গোলাঘাট জিলা উপায়ুক্তৰ লগতে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ দপ্তৰৰ মন্ত্ৰীলৈ সংগঠনটোৰ সভাপতি পংকজ ৰাজখোৱাৰ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Your Comments