বঙাইগাঁৱৰ বিশিষ্ট অধিবক্তা, সমাজ কৰ্মী তথা বঙাইগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰুণ সিংহৰ আজি পুৱতি নিশা নিজ বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে ৷ বঙাইগাঁও আদালতত দীৰ্ঘ বছৰ ওকালতি কৰাৰ লগতে বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত অৰুণ সিংহ কংগ্ৰেছ দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল ৷ বঙাইগাঁও চহৰৰ থানা ৰোডৰ বাসিন্দা অৰুণ সিংহৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৯ বছৰ ৷ উল্লেখ্য যে নিশা হঠাতে অসুস্থ হৈ পৰা অৰুণ সিংহৰ পুৱতি নিশা ৩- ৩০ বজাত পৰলোক ঘটে ৷ তেওঁ বিভিন্ন ৰোগত ভুগি আছিল ৷
ইপিনে অধিবক্তাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিচতে তেৱঁৰ বাসভৱনত অনেক গুণমুগ্ধ, আত্মীয় স্বজনৰ লগতে দলৰ নেতা-কৰ্মী উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায় ৷ কংগ্ৰেছ নেতাগৰাকীৰ মৃতদেহ আজি বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনলৈ অনা হয় আৰু তাতে দলৰ নেতা-কৰ্মীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আনহাতে বঙাইগাঁও শ্মাশানত উপস্থিত হৈ সমাজকৰ্মী তথা অধিবক্তা অৰুণ সিংহৰ মৃতদেহত স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়েও শ্ৰদ্ধাঞ্জলি জনায় ৷ শেষকৃত অনুষ্ঠানত স্থানীয় লোকৰ লগতে ভালে সংখ্যক কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে ৷
ইপিনে কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰিশ বৰুৱা, প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোৰ্তিময় বৈশ্য, কংগ্ৰেছ নেতা গোকুল কলিতা আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত অধিবক্তা অৰুণ সিংহই পত্নী, একমাত্ৰ জীয়ৰী, জোৱায়েক আৰু নাতিনীক ইহসংসাৰত এৰি থৈ যায় ৷
- Log in to post comments
- 10 views