পলাশবাৰীত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁ‌টাৰে সুনাম কঢ়িয়াই আনিলে দুই বিশিষ্ট শিল্পীয়ে 

ৈ

২৩ ডিচেম্বৰ গুৰুজনাৰ সৃষ্টি ৰাজিক আদৰ্শ হিচাপে আগত ৰাখি বিগত বহু বছৰ ধৰি দক্ষিণ কামৰূপৰ এসময়ৰ ব্যৱসায়িক হৃদপিণ্ড স্বৰূপ ঐতিহাসিক পলাশবাৰীৰ দুই বিশিষ্ট শিল্পীয়ে বছৰটোৰ শেহতীয়াকৈ অঞ্চলটোলৈ এক সুনাম কঢ়িয়াই আনিবলৈ  সক্ষম হৈছে । পলাশবাৰীৰ বজাৰাপাৰা গাঁৱৰ সমাজকৰ্মী জয়ন্ত দাসে সুদীৰ্ঘ বছৰ ধৰি ঘোষা নামৰ লগত জড়িত হৈ সমগ্ৰ দক্ষিণ কামৰূপত জনপ্ৰিয় ঘোষা নামৰ পাঠক হিচাপে পৰিচিত হৈ আহিছে ।

একান্তভাৱে নিজৰ আৰ্থিক হেঙাৰক নেওচি জয়ন্ত দাসে ঘোষা নামৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ প্ৰতি সন্মান জনাই ভাৰতীয় দলিত সাহিত্য একাডেমীয়ে তেওঁলোকৰ ৩৪ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনত দাসক ড° আম্বেদকাৰ বঁ‌টা প্ৰদান কৰে । যোৱা ৯ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ দুদিনীয়া কাৰ্যসূচীৰে দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হোৱা ভাৰতীয় দলিত সাহিত্য একাডেমীয়ে জয়ন্ত দাসক আমন্ত্ৰন জনাই উক্ত সন্মানীয় বঁ‌টাটি প্ৰদান কৰে । বঁ‌টাৰ লগত এখন মানপত্ৰ আৰু ড° আম্বেদকাৰ ট্ৰফী লগতে ফুলৰ থোপাৰে সম্বৰ্ধনা জনায় । উল্লেখ্য যে ১৯৯৩ চনৰ পৰাই দাসে সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলটোত ঘোষা নামৰ বাবে বিভিন্ন ধৰনে কাৰ্যসুচী হাতত লৈ অসমৰ বিভিন্ন ঠাইত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । 

ো

আনফালে  লোক-সংস্কৃতিৰ আপোচহীন সাধক, প্ৰতিভাধৰ তথা জয়ন্ত দাসে গুৰু হিচাপে সান্নিধ্য লাভ কৰা একে গাঁৱৰেই জীৱেশ্বৰ দাসেও  নিজৰ শাৰীৰিক সক্ষমকো কেৰেপ নকৰি ১৯৭৬ চনৰ পৰাই এই  নাগাৰা নামৰ  চৰ্চা অব্যাহত ৰাখি বহুতক আনকি এই বিষয়ে প্ৰশিক্ষণও প্ৰদান কৰি আহিছে । বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে ত্যাগ, সাধনা আৰু গভীৰ সামাজিক তথা সাংস্কৃতিক দায়বদ্ধতাক সন্মান জনাই সদৌ অসম নাগাৰা নাম সংঘই এই জীৱনজোৰা সাধনাৰ বাবে, নাগাৰা নামৰ এগৰাকী গণমুখী শিল্পী হিচাপে স্বীকৃতি দিয়াৰ মানসেৰে  ২০১৮ বৰ্ষৰ নাগাৰা নামৰ "জীৱনজোৰা সাধনা বঁ‌টা" প্ৰদান কৰে জীৱেশ্বৰ দাসক আৰু গৌৰৱ কঢ়িয়াই অনাৰ বাবে বিশিষ্ট দুইগৰাকী শিল্পীক দেওবাৰে পলাশবাৰীৰ বজাৰা পাৰা জাগ্ৰতজ্যোতি সংঘই বাসুদেৱ নামঘৰ প্ৰাংগণত এক সম্বৰ্ধনা কাৰ্যসুচী আহ্বান কৰে ।

সংঘৰ সভাপতি দ্বীপেন দাসৰ সভাপতিত্বত আহ্বান কৰা এই সম্বৰ্ধনা কাৰ্যসূচীত দুয়ো গৰাকী নাগাৰা নামৰ শিল্পীক শতাধিক ৰাইজৰ উপস্থিতিত ফুলৰ থোপা, শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জনাই অনাগত দিনত তেওঁলোকৰ প্ৰয়োজন অনুসৰি সহায়ৰ হাত আগবঢ়াৱ বুলি সংঘই ৰাজহুৱা ভাৱে ঘোষনা কৰে ।

Your Comments