#কামপুৰত #ভবেন্দ্ৰ নাথ #শইকীয়া #সোঁৱৰণী একাংক #নাট #প্ৰতিযোগীতা

s

নগাঁও জিলাৰ কামপুৰৰ অন্যতম সামাজিক সাংস্কৃতিক অনুস্থান আৰোহনৰ উদ্যোগত সদৌ অসম ভিত্তিত ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী একাংক নাট প্ৰতিযোগীতা অনুষ্ঠিত হয় । উল্লেখ্য যে বিগত বিশ বছৰ ধৰি "আৰোহনে" একাংক নাট প্ৰতিযোগীতা অনুষ্ঠিত কৰি আহিছে । শনিবাৰে কামপুৰ ৰাস ফিল্ডত অনুষ্ঠিত হোৱা  প্ৰতিযোগীতাত অসমৰ বিভিন্ন প্ৰান্তৰ বহু কেইটা দলে অংশগ্ৰহণ কৰে । নাট প্ৰতিযোগীতাৰ ফলাফলসমূহ ।

প্ৰথম শ্ৰেষ্ঠ নাট্য দল ভাস থিয়েটাৰ পুৰণি গুদাম (নাটক এটা গল্পৰ দ্বিতীয়খণ্ড)।  দ্বিতীয় শ্ৰেষ্ঠ নাট্য দল সম্বনয় ক্ষেত্ৰ নলবাৰী । (নাটক নষ্ট ভ্ৰষ্ট প্ৰেত সভা) তৃতীয় শ্ৰেষ্ঠ নাট্য দল জ্যোতি শিল্প নগাঁও (নাটক আৱদ্ধ আকাশ) শ্ৰেষ্ঠ পৰিচালক শত দল বৈশ্য (নাটক নষ্ট ভ্ৰষ্ট প্ৰেত সভা) শ্ৰেষ্ঠ নাট্যকাৰ মৃনাল কুমাৰ বৰা (নাটক এটা গল্পৰ দ্বিতীয়খণ্ড) শ্ৰেষ্ঠ অভিনেতা ৰঞ্জন তালুকদাৰ (নাটক নষ্ট ভ্ৰষ্ট প্ৰেত সভা) শ্ৰেষ্ঠ অভিনেত্ৰী কবিতা বৰা (নাটকএটা গল্পৰ দ্বিতীয়খণ্ড) শ্ৰেষ্ঠ শিশু শিল্পী মানস জ্যোতি শৰ্মা (নাটক নষ্ট ভ্ৰষ্ট প্ৰেত সভা) 
শ্ৰেষ্ঠ কৌতুক অভিনেতা ঋতু মেধি (নাটক হাঁহি কান্দোন ফেণ্টাছী) বিচাৰকৰ বিশেষ বঁটা
 লাভ কৰে ক্ৰমে- ১৷ অদিষ্ণা ৰাজবংশী, ২৷ মিঠু শৰ্মা আৰু ৩৷ অংশুমান শইকীয়া।

Your Comments