মৰিগাঁৱত দেশপ্ৰেম আৰু ৰাষ্ট্ৰ গঠন শীৰ্ষক বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

মৰিগাঁৱত দেশপ্ৰেম আৰু ৰাষ্ট্ৰ গঠন শীৰ্ষক বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

মৰিগাঁও জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজি মহাবিদ্যালয় পৰ্যায়ৰ ছাত্র-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণ শীৰ্ষক এক বক্তৃতা প্ৰতিযোগিতা ।

মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰেক্ষাগৃহত জিলাখনৰ কপিলী, ভূৰবন্ধা, দলংঘাট, মায়ং, লাহৰীঘাট, মৈৰাবাৰী আদি অঞ্চলৰ পৰা অহা বহুকেইজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে ক্ৰমে মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকা, মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহযোগী অধ্যাপক ডঃ অচ্যুত কুমাৰ দাস, সমাজ সংগঠক তুলসী ডেকাই ।

মৰিগাঁৱত দেশপ্ৰেম আৰু ৰাষ্ট্ৰ গঠন শীৰ্ষক বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

মৰিগাঁও জিলা নেহেৰু যুৱ কেন্দ্ৰৰ সমন্বয়ক ধনঞ্জয় তালুকদাৰে আঁতধৰা প্ৰতিযোগিতাখনত ক্ৰমে ভূষণ সুৰকাৰে প্ৰথম, প্ৰিয়ংকা গোস্বামীয়ে দ্বিতীয়, গংগা দেৱীয়ে তৃতীয় স্হান লাভ কৰে ।

বক্তৃতা প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থান অৰ্জন কৰা শ্ৰেষ্ঠ প্ৰতিযোগীসকলক বঁটা আৰু মানপ্ৰত্ৰ প্ৰদান কৰে নেহেৰু যুৱ কেন্দ্ৰই । আনহাতে, প্ৰথম স্হানপ্ৰাপ্ত ভূষণ সৰকাৰক ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বক্তৃতা প্ৰতিযোগিতালৈ বাছনি কৰা বুলিও প্ৰকাশ কৰে সংগঠনটোৱে ।

Your Comments