গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
ৰাজহ সংগ্ৰহৰ অজুহাতত গাঁৱে-ভূঞে মদৰ নৈ বোৱাই ৰাজ্য চৰকাৰে পুনৰ সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ দিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মদমুক্ত অসম দাবী সমিতি, গোলাঘাট জিলা সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।
গান্ধীজীৰ আদৰ্শক সন্মান জনাই আজিয়েই সুৰা নিষিদ্ধ কৰক, যিদিনাই অসম মদমুক্ত হ'ব, শান্তিৰ শতদলে পাহি মেলিব আদি সুৰাবিৰোধী শ্লোগানেৰে চৰকাৰৰ এনে সমাজবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
- Log in to post comments
- 7 views