বিধানসভা গৃহত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিলে কৰ্ণাটকত

বিধানসভা গৃহত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিলে কৰ্ণাটকত

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ। য’ত সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সন্মানৰ চকুৰে চোৱা হৈছে। কিন্তু এইখন দেশতে বাৰে বাৰে লাঞ্চিত  হয়, আক্ৰান্ত হয় সংবাদ মাধ্যম। এনে এক অবাঞ্চিত কাণ্ড শেহতীয়াকৈ সংঘটিত হৈছে কৰ্ণাটকত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিছে বিধানসভা গৃহৰ ভিতৰত।

এই নিষেধাজ্ঞা আৰোপ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীজনে যাবতীয় জাননীও জাৰি কৰিছে। বিধানসভা গৃহৰ বাহিৰতহে মন্ত্ৰী-বিধায়ক অথবা বিষয়াসকলে সংবাদ মাধ্যমৰ আগত কথা ক’ব- সেই কথাও স্পষ্ট কৰি দিয়া হৈছে।

Your Comments