অসমৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান : 'নাক'ৰ তথ্যত হতাশজনক ছবি

অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান : 'নাক'ৰ তথ্যত হতাশজনক ছবি

অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখন অতি হতাশজনক ৷ প্ৰয়োজন অনুপাতে উচ্চ শিক্ষানুষ্ঠানৰ অভাৱৰ বাবে প্ৰতিবছৰে বৃহৎসংখ্যক উচ্চ শিক্ষা প্ৰত্যাশী শিক্ষাৰ্থীৰ বহিঃৰাজ্যলৈ বহিৰ্গমন ঘটাৰ লগতে বহুতৰ উচ্চ শিক্ষাৰ অভীপ্সা মনতে মৰহি যায় ৷

অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখন বৰ দুৰ্বল হোৱাৰ বাবে প্ৰয়োজন অনুপাতে উচ্চ শিক্ষিত ব্যক্তি গঢ়াত ৰাজ্যখন সফল হ'ব পৰা নাই ৷ আনহাতে, 'নাক'ৰ দ্বাৰা স্বীকৃতি লাভ কৰা মহাবিদ্যালয়ৰ ক্ষেত্ৰত এই ছবিখন অধিক দুখলগা ৷ বিভিন্ন পৰ্যায়ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ পৰিসংখ্য লক্ষ্য কৰিলেই এই কথা পৰিষ্কাৰ হয় ৷ 

অসমত বৰ্তমান মহাবিদ্যালয় ৫১৩খন । ইয়াৰে ৩৪৩খন স্নাতক পৰ্যায়ৰ মহাবিদ্যালয় । ইয়াৰে আকৌ ৮খন চৰকাৰী, ২৯২খন প্ৰাদেশীকৃত আৰু ২৩খন ব্যক্তিগত মহাবিদ্যালয় । আনহাতে, এই সংখ্যাৰ ভিতৰত ১খন চৰকাৰী স্নাতক পৰ্যায়ৰ মহাবিদ্যালয়, ১২০খন প্ৰদেশীকৃত স্নাতক মহাবিদ্যালয় 'নাক'ৰ দ্বাৰা স্বীকৃত ।

চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অভিযান্ত্ৰিক মহাবিদ্যালয় ১১খন । পৰিতাপৰ কথা হ'ল এখনো অভিযান্ত্ৰিক মহাবিদ্যালয়ে 'নাক'ৰ স্বীকৃতি লাভ কৰা নাই । অসমৰ ২১খনৰ এখনো 'নাক'ৰ স্বীকৃত নহয় ।

চৰকাৰী-বেচৰকাৰী ২১খন আইন মহাবিদ্যালয়ৰ ১খনহে 'নাক'ৰ দ্বাৰা স্বীকৃত । ব্যক্তিগত খণ্ডৰ ১খন বি এড মহাবিদ্যালয় 'নাক'ৰ স্বীকৃত । অসমৰ ১খন কেন্দ্ৰীয় আৰু ২খন ৰাজ্যিক বিশ্ববিদ্যালয়ে 'নাক'ৰ এ গ্ৰেড লাভ কৰিছে ।

এ++, এ+ এখনো মহাবিদ্যালয় নাই । ১৩খন মহাবিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে । মাত্ৰ ১৬খন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানে এ গ্ৰেড লাভ কৰিছে । এই হতাশজনক পৰিস্থিতিৰ পৰিৱৰ্তন কৰা প্ৰয়োজন ।

Your Comments