চেঙাৰ পৰা সুৰজিৎ পাঠক
বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেঙাত দেওবাৰে সন্ধিয়া এক ভয়ংকৰ বাইক দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে দুজন যুৱক গুৰুতৰভাৱে আহত হয় ।
নিহত যুৱকজন চেঙাৰ ৰবিন দাসৰ একমাত্ৰ পুত্ৰ কংকন দাস (২৮) বুলি জানিব পৰা গৈছে । কংকন দাস সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আছিল । ছত্তীশগড়ত কৰ্মৰত কংকন দাসে ছুটী লৈ ঘৰলৈ আহিছিল ।
দেওবাৰে সন্ধিয়া প্ৰায় ৮.৩০ বজাত চেঙাৰ পৰা বহৰিলৈ বাইকেৰে গৈ থকা অৱস্থাত চেঙা উন্নয়ন খণ্ডৰ সন্মুখত চন্দন পাটোৱাৰী (১৯) নামৰ এজন পথচাৰী যুৱকক খুন্দিওৱাৰ পিছত বাইকখনে এটি মাইলৰ খুঁটিত গৈ খুন্দা মাৰে । ফলত বাইক চালক তথা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান কংকন দাস থিতাতে নিহত হয় ।
আনহাতে, বাইক আৰোহী ৰিংকু আলী (২৪) আৰু পথচাৰী চন্দন পাটোৱাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । তিনিওজনকে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কংকন দাসক চিকিৎসকে মৃত ঘোষণা কৰে ।
আনহাতে, চন্দন পাটোৱাৰীক উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে আৰু ৰিংকু আলীক বৰপেটা ফখৰউদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়লৈ প্ৰেৰণ কৰে ।
কংকন দাসৰ মৃতদেহ আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হয় । সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান কংকন দাসৰ অকাল বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।
- Log in to post comments
- 34 views