জামুগুৰিহাটৰ পৰা প্ৰণৱজ্যোতি ভট্টাচাৰ্য
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নামধৰ্ম সমাজৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষৰ ক্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশন উপলক্ষে দেওবাৰে লাইখুঁটা স্থাপন কৰা হয় ৷
এই উপলক্ষে বৈকুণ্ঠপুৰীত পৰিণত হয় জামুগুৰিহাটৰ পাঞ্চজন্য ক্ষেত্ৰ ৷ জামুগুৰিহাটৰ বিশিষ্ট শিল্পী ভোলা কটকীয়ে উদ্বোধন কৰা জামুগুৰিহাটৰ ডেকাসুন্দৰ নামঘৰৰ পৰা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচী লাইখুঁটা স্থাপনেৰে সামৰণি পৰে ৷
লাইখুঁটা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ উল্লেখ্য যে এই অধিবেশন অনুষ্ঠিত হ’ব অহা ২৮, ২৯, আৰু ৩০ জানুৱাৰীত ৷
- Log in to post comments
- 24 views