নগাঁৱত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উপলক্ষে "মানুহ মানুহৰ বাবে" শীৰ্ষক আলোচনা-চক্ৰ

নগাঁৱত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উপলক্ষে "মানুহ মানুহৰ বাবে" শীৰ্ষক আলোচনা-চক্ৰ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁৱতো দেওবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস পালন কৰা হয় । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু দুৰ্নীতি নিবাৰক ফ'ৰ্চ নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠনটোৰ ৰাজ্যিক সমিতিৰ উদ্যোগত নগাঁও চহৰৰ হয়বৰগাঁওস্থিত প্ৰশাসনিক কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই দিৱস উপলক্ষে "মানুহ মানুহৰ বাবে" শীৰ্ষক এক আলোচনা চক্ৰ-অনুষ্ঠিত কৰা হয় ।

সংগঠনটোৰ ৰাজ্যিক সমিতিৰ সভাপতি আবুল হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত সভাত নাগৰিকৰ অধিকাৰ আৰু ন্যায্যতাৰ ওপৰত সৰ্বসাধাৰণ ৰাইজক সজাগ হ'বলৈ আহ্বান জনাই বক্তাসকলে ভাষণ আগবঢ়ায় ।

এই সন্দৰ্ভত সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱাই আলোচনা দাঙি ধৰি কয়- সমাজৰ পৰা দুৰ্নীতি-অনিয়ম ৰোধ কৰিবলৈ হ'লে মানুহৰ মানসিকতা সলনি কৰিব লাগিব ।

তদুপৰি, মানুহ সহানুভূতিৰ মনোভাৱেৰে আগবাঢ়িলে আপোনা-আপুনি সমাজত সকলোবোৰ কাম স্বচ্ছ আৰু নিকা হ'ব বুলি কয় । ইয়াৰ বাবে ৰাইজৰ মাজত জনজাগৰণ সৃষ্টি কৰিব লাগিব বুলি বৰুৱাই মন্তব্য কৰে ।

সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি বিৰেন চন্দ্ৰ দাসে নিজৰ ভাষণত জিলাখনত বৰ্তমান ৰাইজে সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কে এক চমু আভাষ দাঙি ধৰে ।

এই অনুষ্ঠানত ৰাজ্যিক সম্পাদক দুলাল বৰা, জিলা সম্পাদক ৰাজু শইকীয়া, প্ৰচাৰ সম্পাদক নাদিম আহমেদৰ লগতে কৰ্মকৰ্তা ক্ৰমে ইন্দ্ৰমোহন বৰুৱা, চিন্ময় কাকতি, মনালিছা শইকীয়া, কাবেৰী কলিতা, ইমৰান হুছেইন আদি উপস্থিত থাকে ।

Your Comments